
ডিফুঃ বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা প্ৰদান কৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰায় ৫ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে সোমবাৰে ডিফুত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
অট’নমাছ ষ্টেট ডিমাণ্ড কমিটী, চমুকৈ এ এছ ডি চি, কাৰ্বি ছাত্ৰ সন্থাই চমুকৈ কে এছ আৰু কাৰ্বি নিমচ’ চিংথুৰ আছং চমুকৈ কে এন চি এৰ উদ্যোগত ডিফুৰ চেমছনচিং মেম’ৰিয়েল পাৰ্কৰ সন্মুখত কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰপৰা অহা প্ৰতিবাদকাৰীয়ে পাৰ্কখনৰ সন্মুখেৰে যোৱা ৰাস্তাৰে এছোৱা পুৱা ১১ বজাৰপৰা ২ বজালৈ প্ৰায় ৪ ঘণ্টাজোৰা সময় অৱৰোধ কৰি ৰখাৰ লগতে তিনি পাৰ্বত্য জিলাত বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা নিদিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে 'বড়োসকলক পাৰ্বত্য জনজাতি মৰ্যাদা দিয়া নচলিব’, 'কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ’, 'এ এছ ডি চি লং লিভ’, 'কে এছ এ লং লিভ’, 'কে এন চি এ লং লিভ’ আদি শ্লোগানেৰে ডিফুৰ আকাশ-বতাহ কঁপাই তোলে৷ প্ৰতিবাদকাৰীসকলৰ একাংশই বুকুত 'ন' ষ্টেট ন' ৰেষ্ট’ লিখাই অৰ্ধনগ্নহৈ প্ৰতিবাদ কৰে৷ আনহাতে প্ৰাক্তন মন্ত্ৰী তথা এ এছ ডি চিৰ সভাপতি হলিৰাম তেৰাঙে সাংবাদিক মাধ্যমৰ আগত কয় যে ভাৰতৰ সংবিধান গ্ৰহণ কৰাৰ সময়ত বিভিন্ন কাৰণত জনজাতি সকলক '১’ আৰু '২’ দুটা তালিকাভূক্ত কৰি তালিকা ১ ত তিনি পাৰ্বত্য জিলাত ১৫ টা জনজাতি ৩৭ টা কুকি জনজাতিৰ লগতে উপজাতিৰ পাৰ্বত্য জনজাতিৰ মৰ্যাদা দিছিল আৰু বড়োক
ধৰি আন ১৪ টা জনজাতিক ভৈয়ামৰ জনজাতিৰ মৰ্যাদা দি থৈছে৷ কিন্তু অতি আচৰিতভাৱে এন ডি এ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা দি বড়ো চুক্তিৰ ৮ নং দফা পূৰণ কৰিবলৈ গৈ পাৰ্বত্য জনজাতিসকলৰ অধিকাৰ হৰণ কৰিবলৈ উঠি পৰি লাগিছে৷ ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বিজেপি, কংগ্ৰেছকে আদি কৰি বিভিন্ন দল-সংগঠনে ৰে’লপথ অৱৰোধ কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পাছত সংসদত এই বিল দাখিল নহ’ল যদিও পুনৰ বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে উঠি-পৰি লগাৰ বাবে পুনৰ এনে প্ৰতিবাদী কাৰ্যসূচী লোৱা বুলি সাংবাদিকক জানিবলৈ দিছে৷
আনহাতে চৰকাৰে প্ৰতিবাদকাৰীসকলৰ দাবীৰ প্ৰতি সন্মান নজনালে ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তোলা হ’ব বুলি সংগঠনৰ নেতৃবৰ্গই জনাইছে৷ ইফালে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ থলীতে জিলা উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰীৰ ওচৰলৈ এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷