
ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত সংঘটিত হৈ থকা অবাধ দুৰ্নীতি আৰু লগতে চাৰি দফীয়া দাবী লৈ পিপুলছ ফৰ পিপুলছ আৰু কাৰ্বি হিলছ ডেভেলপমেণ্ট এণ্ড প্ৰটেকছন অৰ্গেনাইজেছনে শুকুৰবাৰে ডিফু ছেমচন চিং ইংতি মেম'ৰিয়েল পাৰ্কত ১১ বজাৰপৰা দুই বজালৈকে মুখত ক'লা কাপোৰ বান্ধি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে৷
সংগঠন দুটাৰ নেতৃবৰ্গই কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উন্নয়ণ পুঁজিৰ অপব্যৱহাৰৰ লগতে অতি নিম্নমানৰ আৰু কাম নকৰাকৈ ধন সৰকাই নিয়া বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে৷
জিলাখনৰ বনাঞ্চলসমূহত বন্য জীৱ-জন্তু আৰু বনজাত সম্পদসমূহৰ ধ্বংস হৈ থকাৰ লগতে সীমান্তৱৰ্তী অঞ্চলত অবৈধ বেদখললৈ গুৰুত্ব আৰোপ নকৰা কাৰ্বি স্বায়ত্ত শাসিত পৰিষদখন একপ্ৰকাৰ ধৃতৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে বুলি অভিযোগ আনিছে৷
আনহাতে জিলা দণ্ডাধীশৰ ২০১৭ চনৰ ৯ মাৰ্চৰ জাননী নং কে এম জে- ১১(এ) পি এম এন/ পিটি-১/২০১৬-১৭/৩৮ ক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে জাননীখনত বিভাগীয় পঞ্জীয়ন নথকা দল-সংগঠনৰ সকলো ধৰণৰ ৰেলী শুভাযাত্ৰা, ধৰ্ণা আদিৰ অনুমতিত বাধা আৰোপ কৰি থৈছে যাৰ ফলত জিলাখনত সংগঠিত হৈ থকা দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে ৷ ইয়াকে লৈ আজি পি এফ পি আৰু কে এইচ ডি পি অ'ই জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ চাৰিদফীয়া দাবী সম্বলিত এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷ দাবী সমূহ ক্ৰমে, পৰিষদৰ উন্নয়ণ পুঁজি অপব্যৱহাৰৰ চি বি আই তদন্তৰ দাবী, সীমা সমস্যাৰ স্থায়ী সমাধান, ধনশিৰি, দলদলী আৰু লাংকাইজান বনাঞ্চলৰ অবৈধ বেদখল উচ্ছেদ কৰা আৰু বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ লগতে খনিজাত সম্পদসমূহৰ অবৈধ খনন বন্ধ কৰা৷
ধৰ্ণাৰ নেতৃত্ব প্ৰদান কৰে পি এফ পিৰ সভাপতি লংকিৰি তিমুঙ, সাধাৰণ সম্পাদক বলন ইংতি, কে এইচ ডি পি অ'ৰ সভাপতি মৰণিংচন টেৰণ আৰু সাধাৰণ সম্পাদক মিৰবিচিং তাৰ'ই।