♦ অৰ্ধনমিত কৰি ৰখা হ'ল জিলা কংগ্ৰেছৰ পতাকা

ডিফুঃ বুধবাৰে নিশা গুৱাহাটীৰ এপল' হাস্পাতালত প্ৰাক্তন মন্ত্ৰী খৰচিং ইংতিৰ সহধৰ্মিনী তথা কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰেমলা বে'পীৰ হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক সাৱটি লোৱাত কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰে শোকৰ বন্যা বৈছে৷

প্ৰয়াত নেত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত জিলা কংগ্ৰেছৰ প্ৰতিগৰাকী সদস্য মৰ্মাহত হৈ পৰিছে৷

বৃহস্পতিবাৰে পুৱা ডিফুস্থিত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ বিৰেণচিং  ইংতিৰ পৌৰুহিত্যত এখনি শোক সভা অনুষ্ঠিত কৰা হয়৷

শোক সভাত প্ৰয়াত নেত্ৰীগৰাকীৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক সভাত উপস্থিত থকা প্ৰতিগৰাকী সদস্য-কৰ্মীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সকলোৱে গভীৰ সমবেদনা জ্ঞাপন কৰে৷

এক প্ৰেছ বিবৃতিত জিলা কংগ্ৰেছৰ সাংগঠনিক আৰু প্ৰচাৰ বিভাগৰ দায়িত্বত থকা সাধাৰণ সম্পাদক বিদ্যাচিং ৰংপিয়ে উল্লেখ কৰে যে প্ৰয়াত ই এম প্ৰেমলা বে'পীৰ আকস্মিক বিয়োগে জিলা কংগ্ৰেছৰ কেৱল লোকচানেই নহয় প্ৰতিগৰাকী সদস্যৰ বাবে গভীৰ শোকৰ বিষয়৷

সেয়ে আজিৰ শোক সভাত প্ৰয়াত নেতৃগৰাকীৰ সন্মানাৰ্থে জিলা কংগ্ৰেছৰ ভিট্ট, এম চি চি, টি চি চি আৰু ডব্লিউ চি চিসমূহৰ কাৰ্যালয়ৰ কংগ্ৰেছৰ পতাকা অৰ্ধনমিতা কৰি ৰখাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷

আনহাতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সতীৰ্থ ই এম আৰু এম এ চিসহ দিল্লীৰপৰা ডিফুলৈ আহি থকা পথত প্ৰয়াত প্ৰেমলা বেপীৰ আবাস গৃহত উপস্থিত হৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোকাকুল পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰে৷

পূব কাৰ্বি আংলং জিলা বি জে পিৰ সভাপতি ৰতন টেৰণে প্ৰয়াত ই এম প্ৰেমলাৰ বে'পীৰ মৃত্যুয়ে জিলাখনে এগৰাকী সুদক্ষ নেত্ৰী, ৰাজনীতিজ্ঞ হেৰুৱালে বুলি এক শোকবাৰ্তাত উল্লেখ কৰে৷

আনহাতে এক বাৰ্তাতে জিলা প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক ক্ৰমে কিৰি  ৰংহাঙ আৰু ডেনিয়েলচন বেই প্ৰয়াত ই এম গৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে৷ ইয়াৰোপৰি জিলাখনৰ বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক আৰু সামাজিক আৰু ছাত্ৰ সংগঠনেও প্ৰয়াত নেত্ৰীগৰাকীৰ মৃত্যুত শোক বাৰ্তা প্ৰেৰণ কৰি প্ৰয়াত নেত্ৰীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰে৷