ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কৰ্মচাৰী সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা আজি ডিফুৰ চেণ্ট্ৰেল ৰেঞ্জ ফৰেষ্ট আই বিত সন্থাৰ উপ সভাপতি ৰঞ্জিত টেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত হৈ যায়৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ৰূপচিং ৰংহাঙে৷

কাৰ্বি আংলঙ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা সন্থাৰ কাৰ্য নিৰ্বাহকসকল আহি সভাখন অংশগ্ৰহণ কৰি সপ্তম দৰমহা আয়োগ আৰু বকেয়া দৰমহাৰ ওপৰত দীৰ্ঘ আৰু গঠনমূলক আলোচনাৰ অন্তত কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷

প্ৰস্তাৱ মৰ্মে অহা  ৩১ জুলাই সভাপতি, সাধাৰণ সম্পাদক, উপ-সভাপতি, সাংগঠনিক সম্পাদক আৰু সদস্যসকলৰ এক সঁজাতি দলে পৰিষদৰ এফ এ অ"ক সাক্ষাৎ কৰি তেওঁলোকৰ দাবী ৰূপায়ণ কৰাৰ দাবী জনোৱাৰ লগতে পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে পৰিষদৰ মুখ্য সচিব আৰু মুখ্য কাৰ্যবাহীৰে আলোচনাত মিলিত হ'ব।

সন্থাৰ  সেৱা নীতি সন্দৰ্ভতো অহা ২০ আগষ্টত পৰিষদৰ সচিব আৰু বিষয়াসকলে মিলি এক যুটীয়া বৰ্ধিত সভা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। সন্থাৰ অসুস্থ সভাপতি চাৰ্থে দেৰাৰ বাবে সন্থাৰ সংবিধান অনুযায়ী বিত্তীয় সহায্য প্ৰদান কৰাৰ প্ৰস্তাৱ লয়।

প্ৰতিটো কাৰ্যকৰী সভাত কাৰ্যনিৰ্বাহকসকলৰ উপস্থিতি বাধ্যতামূলক কৰিছে৷ সভাত অনুপস্থিত থাকিলে কাৰ্য নিৰ্বাহকসকলৰ বাবে ৫০০ টকা জৰিমনা বিহাৰ কঠোৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আজিৰ সভাৰ কাৰ্যসূচীৰ অন্যান্য শিতানত সন্থাৰ বিভিন্ন আসোঁৱাহ সন্দৰ্ভতো মুকলি আলোচনা অনুষ্ঠিত হয়৷