ডিফুঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বৰ্বৰোচিত আক্ৰমণত শ্বহীদ বৰণ কৰা ৪২ জন চি আৰ পি এফ জোৱানৰ আত্মাৰ সদ্গতি আৰু শ্ৰদ্ধাঞ্জলিৰ বাবে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা, চমুকৈ আমছু বালিজান আৰু কাৰেগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বালিজান-কাৰেগাঁও ভি ডি পিৰ সহযোগত মমবাতি লৈ মৌন সমদল বাহিৰ কৰা হয়৷

মৌন সমদল যাত্ৰাত অঞ্চলটোৰ বিভিন্ন সম্প্ৰদায়ৰ সহস্ৰাধিক লোকৰ স্বেচ্ছাই অংশগ্ৰহণ কৰি শ্বহীদ জোৱানসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে বীৰগতিপ্ৰাপ্ত জোৱানসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

আনহাতে উক্ত সমদল যাত্ৰাক নেতৃত্ব প্ৰদান কৰে আমছুৰ কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি ৱলিছাহে৷