ডিফুঃ অৱশেষত জামিনত মুক্তি লাভ কৰিলে কাৰবি ছাত্ৰ সন্থাৰ সভাপতি ছিমিয়ণ ৰংফাৰে ৷ যোৱা ২১ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত ছাত্ৰ নেতাগৰাকীয়ে জামিন লাভ কৰিছিল যদিও চৰকাৰী বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত সোমবাৰেহে ডিফু কাৰাগৰৰপৰা মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হয়৷

ছাত্ৰ সংগঠনৰ বিভিন্ন নেতা, সদস্যই সভাপতি ৰংফাৰক ডিফু কাৰাগৰৰপৰা আদৰি সংগঠনৰ কাৰ্যালয়লৈ আনে৷ উল্লেখযোগ্য যে যোৱা ১৬ ডিচেম্বৰত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ৰাজহুৱা সভাত ছিমিয়ণ ৰংফাৰে অসাংবিধানিক মন্তব্য কৰাৰ অভিযোগ তুলি তুলিৰাম ৰংহাঙৰ ভাতৃ ৰবিৰাম ৰংহাঙে গোচৰ দাখিল কৰিছিল৷

উক্ত গোচৰৰ ভিত্তিতেই ডিফু আৰক্ষীয়ে ছাত্ৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰি ডিফু ন্যায়িক আদালতৰ জৰিয়তে জে'ললৈ প্ৰেৰণ কৰিছিল৷ ইয়াৰ পাছতে জিলাখনৰ পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰে আৰু ৰংহাঙৰ বিনাচৰ্তত মুক্তিৰ দাবীত ১৬ টা সংগঠনে সন্মিলিতভাৱে ৩৬ ঘণ্টীয়া কাৰ্বি আংলং বন্ধ ঘোষণা কৰিছিল৷ আনহাতে সংগঠনসমূহৰ নেতৃবৰ্গই বি জে পিৰ বিৰুদ্ধে বাক্স্বাধীনতা হৰণ কৰাৰো অভিযোগ উত্থাপন কৰিছিল৷