
ডিফুঃ কাৰ্বি আংলং জিলা মহিলা সমিতিয়ে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। জিলাখনৰ মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জিলা মহিলা সমিতিৰ অৱদান অনস্বীকাৰ্য৷
কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান বিগত বছৰতে সম্পন্ন হোৱাৰ কথা আছিল যদিও সাধাৰণ সম্পাদিকা জিতেমাই বেপীৰ অসুস্থতাৰ বাবে স্থগিত ৰখা হৈছিল৷
সোমবাৰে জিলা মহিলা সমিতিৰ কাৰ্যলয়ত অনুষ্ঠিত এখন সভাত অহা ৭, ৮, ৯ আৰু ১০ মাৰ্চত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়৷
ডিফু ক্লাবত অনুষ্ঠিত হ’ব মহিলা সমিতিৰ সোণালী জয়ন্তীৰ সকলো কাৰ্যসূচী৷ কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সভানেত্ৰী কিৰণ কলিতা আৰু যুটীয়া সম্পাদিকা সুবৰ্ণ চেতিয়াই সোণালী জয়ন্তীৰ সকলো কাৰ্যসূচীতে সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে৷