
ডিফুঃ ডিফু নগৰৰ লগতে ডিফু নদীৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে কাৰবি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ প্ৰতিটো উন্নয়নমুখী কামত টীম কাৰবি আংলঙৰ সদস্য হিচাপে সক্ৰিয় সহায়ৰ হাত আগবঢ়োৱা হ'ব বুলি শনিবাৰে ডিফু নদীত নৱনিযুক্ত ৱাৰ্ড কমিচনাৰ সকলক লৈ চাফাই অভিযানত নামি পৰা অধ্যক্ষ ৰাহ ক্ৰ'ই গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়ায়৷
বিজেপিয়ে দখল কৰা ডিফু নগৰ সমিতিত অধ্যক্ষৰ পদ অলংকৃত কৰা ৰাহ ক্ৰ'ই তেওঁৰ কাৰ্যকালৰ প্ৰথম কাৰ্যসূচীৰ অংশ স্বৰূপে তুলিৰাম ৰংহাঙৰ সপোনৰ প্ৰজেক্ট ডিফু নদীৰ চাফাই অভিযানৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷
আজি পুৱা নৱনিযুক্ত অধ্যক্ষ গৰাকীয়ে তেওঁৰ সংগীয় ৱাৰ্ড কমিচনাৰ আৰু ডিফু নগৰ সমিতিৰ কৰ্মচাৰীৰ সৈতে ডিফু নদীত নামি নদীখনত থকা আৱৰ্জনাবোৰ পৰিষ্কাৰ কৰে৷ অভিযানকাৰী দলটোৱে ডিফু নদীৰ লতিকা চিনেমা হলৰ ওচৰৰ একাংশত চাফাই অভিযান চলাই সজাগতা সৃষ্টি কৰে৷
সাংবাদিকৰ আগত অধ্যক্ষ গৰাকীয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সপোন বাস্তৱ কৰাৰ এশ শতাংশ প্ৰয়াস কৰিব বুলি কয়৷ আনহাতে, ডিফু নদীত জাঁবৰ পেলাই প্ৰদূষিত কৰিব খোজা ব্যক্তি সকলৰ ওপৰত এতিয়াৰে পৰা শাস্তি মূলক জৰিমনা বিহা হ'ব বুলিও অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিছে৷