
ডিফুঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কালি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত জিলা প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰে৷ এই উপলক্ষে ডিফু কলাকেন্দ্ৰৰ চৌহদত জিলা প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে জিলা প্ৰেছ ক্লাবৰ সভাপতি কিৰি ৰংহাঙে৷ ইয়াৰ পিছত জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ বন্তি প্ৰজ্বলনেৰে ডিফু কলাকেন্দ্ৰৰ সভাকক্ষত কিৰি ৰংহাঙৰ সভাপতিত্বত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুকলি সভা অনুষ্ঠিত হয়৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে, অসমবাণী কাকতৰ সম্পাদক দিলীপ চন্দন, বিশিষ্ট অতিথি কাৰবি স্বায়ত্ত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত চিং ইংতি, এমএচি মঙলচিং তিমুঙ, প্ৰাক্তন এমএচি ৰবিনচন ক্ৰু, কাৰবি আংলং জিলাৰ সংবাদ জগতৰ বাটকটীয়া নগেন বৰা, জাফাৰ ৰাজ্যিক সভাপতি লনচিং টেৰণ, জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰা, জিলা তথ্য তথা জনসংযোগ বিষয়া উৎপল ডিমাছা আৰু কাৰবি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ সংবাদিক সকল উপস্থিত থাকে৷
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসমবাণীৰ সম্পাদক দিলীপ চন্দনে নিজৰ বহুমূলীয়া ভাষণৰ প্ৰসংগত কয় যে, বৰ্তমান সময়ত সংবাদ মাধ্যম সমূহে ছ'চিয়েল মিডিয়াৰ সৈতে ফেৰ মাৰিবলৈ অৱকাশ আহি পৰিছে৷ ছ'চিয়েল মিডিয়াৰ তদন্তবিহীন আপলোডে সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ বাবে ৰাইজ লাহে লাহে বোধগম্য হৈছে৷ নীতি, নিষ্ঠাৰে তথ্যভিত্তিক আৰু উৎকৃষ্ট সংবাদ সেৱা আগবঢ়াই সংবাদ মাধ্যমত অধিক গণমুখী কৰিবলৈ যত্নপৰ হোৱাৰ পৰামৰ্শ আগবঢ়ায়৷ এতিয়াও ৫০ শতাংশ লোকৰ ছপা মাধ্যমৰ ওপৰত আস্থা থকাৰ বাবে বৰ্তি আছে৷ আনহাতে সংবাদ জগতৰ অৱক্ষয় ৰোধ কৰিবলৈ সংবাদ কৰ্মী সকলে নিজৰ মাজতে আত্মবিশ্লেষণ কৰাৰ বাবে আহ্বান জনাইছে।
‘‘ভাৰতৰ ভিতৰত অসম খনেই অধিক অগ্নি গৰ্ভা, অসমত খিলঞ্জীয়া সকলে নিজৰ অস্তিস্ব ৰক্ষাৰ বাবে দৈনিক আন্দোলনমুখী হ’ব লগা হৈছে, জাতি, মাটি, ভেটিৰ দোহাই দি আসন দখল কৰা চৰকাৰ খনে প্ৰতিবাদ কাৰী সকলৰ ভাষা বুজি নোপোৱাৰ বাবে হয়তু বিগত দুমাহত আলফাত যুৱকৰ ভৰ্তি অস্বাভাৱিক ভাবে বৃদ্ধি পাইছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে বুলি কয়৷ নিষ্পেষিত সকলৰ বাবে সংবাদ সেৱা কৰিবলৈ গৈ মৃত্যু হোৱাও শ্ৰেষ্ঠ হয় বুলি’’ কাৰবি আংলং জিলা সংবাদ জগতৰ বাটকটীয়া তথা জ্যেষ্ঠ সাংবাদিক নগেন বৰাই ভাষণ প্ৰসংগত নিজৰ মতামত আগবঢ়ায়৷
আনহাতে কাৰবি পৰিষদৰ ইএম জগত চিং ইংতিয়ে গণতন্ত্ৰ জীয়াই থাকিবলৈ হ’লে সংবাদ মাধ্যম জীয়াই থাকিব লাগিব বুলি কয়৷ লগতে এইবুলিও কয় যে, তথ্যভিত্তিক সংবাদে সমাজৰ উন্নতি কৰাৰ লগতে দেশৰ মংগল সাধন কৰে৷ একাংশ আৰটিআই কৰ্মীয়ে আৰটিআই সুবিধাৰ অপব্যৱহাৰ কৰি অসামঞ্জস্য সম্পত্তি গঢ়ি তোলে৷ আনহাতে জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক পবিত্ৰ বৰাই ভাষণ প্ৰসংগত সাংবাদিক সকলক সদায় নিষ্পেষিত সকলৰ পক্ষত থাকি সংবাদ সেৱা আগবঢ়াবলৈ কয়৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছাই জিলাখনৰ বিভিন্ন সংবাদ কৰা নেতিবাচক বাতৰি সমূহ কুৰুপ প্ৰভাৱ প্লাষ্টিক বুলি কয়, সাংবাদিকতাৰ নীতি আদৰ্শেৰে সংবাদ সেৱা আগবঢ়াব লাগে বুলি নিজৰ মন্তব্য আগবঢ়ায়৷ সদৌ শেষত জ্যেষ্ঠ সাংবাদিক তথা জিলা প্ৰেছ ক্লাবৰ উপদেষ্টা সঞ্জু বৰাৰ শলাগৰ শৰাইৰে সভা ভংগ হয়৷