বৰপথাৰঃ তেও দিব্যাংগ যদিওঁ শিল্প কৰ্মৰ জৰিয়তে সদায় নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে চিন্তা কৰি আহিছে৷ তেওঁ শিল্প কৰ্মৰ জৰিয়তে নিজক পৰিৱর্তনশীল সময়ৰ সৈতে খাপ খুৱাব বিছাৰে৷ তেও জানে সংস্কৃতিয়ে অভ্যন্তৰীণ সৃজনশীল প্ৰতিভাক বিকাশ কৰে। শিল্পকলা বুলি কলে প্ৰধানকৈ কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ আদিয়ে মানুহৰ পৰিৱৰ্তন সাধন কৰে৷

আমাৰ ৰাজ্য অসম খনো চিত্ৰকলা আৰু শিল্পকলাৰ ভৰাল স্বৰূপ৷ অসমৰ বহু যুৱকে বিভিন্ন দিশত প্রতিভা বিকাশ কৰিছে ইতিমধ্যেই৷ জাদু প্ৰদৰ্শন, বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকসংগীত, নাট আৰু থিয়েটাৰ, মূকাভিনয়, কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ কৰি প্ৰতিভা প্ৰকাশ কৰা দেখা যায়৷

চিত্ৰকলাৰ জৰিয়তে এখন সমাজৰ পৰিৱৰ্তন কৰিবলৈ তথা শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে দিব্যাংগ শিল্পী ৰত্নেশ্বৰ বৰাই৷ যাৰ হাতৰ পৰশত প্ৰাণ পাই নিৰ্জীৱ কাঠৰ টুকুৰাই৷ সৃজনশীল প্ৰতিভাৰ অধিকাৰী ৰত্নেশ্বৰ বৰাৰ হাতৰ পৰশত প্ৰাণ পাই পেলনীয়া সামগ্ৰীয়ে। পেলনীয়া সামগ্ৰী, লেতেৰা আবৰ্জনা সজীৱ হৈ পৰে শিল্পীগৰাকীৰ পৰশত। লেতেৰা আবৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰিবৰ বাবে লাগে এক সৃষ্টিশীল মন। তেনে এক সৃষ্টিশীল মনৰ অধিকাৰী হৈছে অৱহেলিত ভাস্কৰ্য শিল্পী ৰত্নেশ্বৰ বৰা৷

আপুনি-মই অলাগতিয়াল বুলি ভবা পেলনীয়া সামগ্ৰীৰে শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে৷ গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত বিলগাঁও ৰতনপুৰৰ দিব্যাংগ শিল্পী ৰত্নেশ্বৰ বৰাই কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ নিজৰ প্ৰতিভা আৰু দক্ষতাৰ বলত বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰে৷  মানুহৰ ঘৰ শুৱনি কৰে যিবোৰ সৃষ্টিয়ে৷ যত থাকে এখন সুন্দৰ প্ৰকৃতিৰ অংকন৷ মানুহক ভাল পোৱা ৰত্নেশ্বৰে কেতিয়াবা বিষাদৰ ছবি অংকন কৰে৷

কেতিয়াবা দৰিদ্ৰ, শ্ৰমিকৰ বেদনাক কেতিয়াবা অংকন কৰি আনৰ সুখত সুখী, আনৰ দুখত দুখী হ’ব বিছাৰে৷ চৰকাৰ তথা চৌদিশৰ পৰা অৱহেলিত-বঞ্চিত শিল্পীগৰাকীক আজিলৈ সহায় কৰোতা কোনো নাই৷ অৰ্থৰ অভাৱত শিল্পী কৰ্ম এৰিম বুলি ভাবিয়ো এৰিব নোৱাৰে শিল্পী কৰ্মৰ সৈতে একাত্ম হৈ পৰা শিল্পীগৰাকীয়ে৷ চৰকাৰ, দল সংগঠনে সহায় কৰিলে শিল্প কলাত আগবাঢ়ি যোৱাৰ আশা প্ৰকাশ কৰে৷