
দলংঘাটঃ দৰং জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত একমাত্র উচ্চ শিক্ষানুষ্ঠান দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত অসমীয়া বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আধুনিক সমাজ আৰু লোক সংস্কৃতি শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।
দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা অনিতা দেৱীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনিৰ বন্তি প্রজ্বলন কৰে অৱসৰী শ্ৰম বষয়া তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ভুচন্দ্ৰ শৰ্মাই৷ আলোচনা চক্ৰ খন উদ্বোধন কৰে দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ)ৰ অধ্যক্ষ মতিৰাম শইকীয়াই৷
আদৰণি ভাষণ আগবঢ়ায় দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ গীতালি কলিতাই। আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ বিজয় কুমাৰ শৰ্মা আৰু খৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক কৰুণা কান্ত ডেকা।
আলোচনা চক্ৰখনৰ আঁত ধৰে দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক বিনয় ভুষণ শৰ্মাই, লগতে সহায় কৰে অধ্যাপক পল্লৱ বৰুৱা, ড০ মুনমনি দেৱী আৰু প্ৰবীণ কলিতাই।
আলোচনা চক্ৰত মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী বৃন্দ উপস্থিত থাকে।