19
Oct
2017

নগাঁওঃ দীপাৱলীৰ গইনা লৈ ৰাজ্যত ইমুৰৰ পৰা সিমুৰলৈ চলে জুৱাৰ আদ্দা৷ এই অভিযোগ বহু পুৰণি৷ একাংশ মন্ত্ৰীৰ পৰা বিধায়কলৈ, বিষয়াৰ পৰা উদ্যোগপতিলে দীপাৱলীৰ নিশা জুৱা খেলি ভাগ্য নিৰূপণ কৰে৷
তাৰ মাজতে নগাঁও জিলাৰ একাংশ বিজেপি নেতাই মুকলিকৈ জুৱাৰ খেলি ভাগ্য নিৰূৰণ কৰিছে কৰা পৰিলক্ষিত হৈছে৷
দীপাৱলীৰ গইনা লৈ চলিছে বৃহৎ জুৱাৰ আদ্দা চলাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰশাসনৰ ৰহস্যজনক নীৰৱতাৰ অচিলা লৈ নগাঁৱৰ চলিছে জুৰাৰ আদ্দা৷ ইতিমধ্যে এই জুৱাৰ আদ্দাতত বিজেপিৰ একাংশ নেতা-পালিনেতাই অংশগ্ৰহন কৰি একপ্ৰকাৰে সকলোকে উৎসাহিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷