প্ৰতিকী ফটো
প্ৰতিকী ফটো

ৰঙিয়াঃ ৰেলত পুনৰ যাত্ৰীক নিচাজাতিয় দ্ৰব্য খুৱাই লুট কৰা ঘটনা এটাই ৰেল যাত্ৰী সকলক পুনৰবাৰ শংকিত কৰিছে। ঘটনাৰ বিষয়ে জানিব পৰা মতে, মঙলবাৰে নিশা হোজাই-লামডিং ইন্টাৰচিটি যাত্ৰীবাহী ৰেলখনত যাত্ৰা কৰিছিল হোজাই মহাবিদ্যালয়ৰ বেংগলী বিভাগৰ প্ৰৱক্তা প্ৰবিত্ৰ কুমাৰ ৰায়।

প্ৰৱক্তাগৰাকীয়ে যাত্ৰা আৰম্ভ কৰাৰ সময়ত এজন অচিনাকী যাত্ৰীয়ে সহযাত্ৰী হিচাপে যাত্ৰা কৰে। কিছুদুৰ যাত্ৰা কৰাৰ পিছতে ব্যক্তিজনে বন্ধুত্ব স্থাপন কৰি প্ৰৱক্তা গৰাকীক বুন্দিয়াৰ লাৰু এটা খাবলৈ কয়। অতি সাদৰৰে দিয়াত প্ৰৱক্তাগৰাকীয়ে লাৰুটো খোৱাৰ কিছু সময়ৰ পিছতে অচেতন হৈ পৰে।

লগে লগে যাত্ৰী ৰূপী ব্যক্তিজনে প্ৰৱক্তা প্ৰবিত্ৰ কুমাৰ ৰায়ৰ পৰা এটা লেপটপ, এটা মোবাইল, আৰু দেৰ হাজাৰ টকা লুটি নিয়ে। কিছু সময়ৰ পিছত সংজ্ঞা ঘুৰি অহাত প্ৰৱক্তাগৰাকীয়ে আন যাত্ৰীক অবগত কৰি ৰঙিয়া জিআৰপিএফক খবৰ দিয়াত ৰেলখন ৰঙিয়া আহি পোৱাৰ লগে লগে জিআৰপিএফ জোৱানে তেওঁক উদ্ধাৰ কৰি প্ৰথমে চিকিৎসাৰ ব্যৱস্থা কৰে।

পিছত অসুস্থ প্ৰৱক্তা ৰায়ে ৰঙিয়া জয়ন্তিপুৰত তেওঁৰ আলহি থকা বুলি অৱগত কৰাত আৰক্ষীয়ে আলহিৰ পৰিয়ালক খবৰ দিয়াত আলহিৰ পৰিয়ালৰ লোক উপস্থিত হোৱাত প্ৰৱক্তা ৰায়ক আলহিৰ লগত যাবলৈ দিয়া হয়। জানিব পৰা মতে, অসুস্থ ৰায়ক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে নিয়া হৈছে।