
ডিজিটেল ৰিপ'ৰ্টঃ উত্তৰ-পূৱত দূৰদৰ্শনৰ তিনিটাকৈ নতুন ছেটেলাইট চেনেল স্থাপনৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। কেৱল অনিয়মেই নহয় যি উদ্দেশ্য লৈ এই চেনেলকেইটা স্থাপনৰ যো-জা চলোৱা হৈছে সেই উদ্দেশ্যক সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰি পেলাইছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে।
প্ৰাপ্ত বাতৰি মতে, ডিডি অৰুণপ্ৰভা নামৰ চেনেলটোৰ কমিছনড প্ৰগ্ৰেমৰ পৰা প্ৰচাৰ ভাৰতীয়ে অতি কৌশলেৰে বঞ্চিত কৰিছে উত্তৰ-পূৱৰ প্ৰযোজক আৰু পৰিচালকসকলক। বিগত বৰ্ষৰ ২৮ ডিচেম্বৰত দূৰদৰ্শনৰ ৱেবছাইটত চেনেলটোৰ কমিছন প্ৰগ্ৰেমৰ বাবে 'ৰিকুৱেষ্ট ফৰ প্ৰপোজেল’ চমুকৈ আৰ এফ পি আহ্বান কৰে। ৱেবছাইটত স্থানীয় দৈনিক কাককত বিজ্ঞাপন প্ৰকাশৰ জৰিয়তে আৰ এফ পি আহ্বান কৰাৰ কথাও উল্লেখ কৰা হয়।
কিন্তু আশ্চৰ্যজনকভাৱে অঞ্চলটোৰ বহুল প্ৰচলিত 'দ্য আছাম ট্ৰিবিউন’কে আদি কৰি কোনো কাকতত উক্ত বিজ্ঞাপন প্ৰকাশ পোৱা দেখা নগ’ল। কেৱল ইমানেই নহয়, ২৮ ডিচেম্বৰত ৱেবছাইটযোগে আৰ এফ পি আহ্বান কৰি ২০১৭ বৰ্ষৰ ১৪ জানুৱাৰীৰ ভিতৰত জমা দিবলৈ আহ্বান জনায় দূৰদৰ্শনে। পৰৱৰ্তী সময়ত বিভিন্নজনে এই লৈ আপত্তি দৰ্শোৱাত ৩১ জানুৱাৰীলৈ সময়সীমা বৃদ্ধি কৰে। এই কম সময়ৰ ভিতৰতে সমগ্ৰ দেশৰ ভিন্ন স্থানৰ প্ৰযোজক আৰু পৰিচালকসকলে ২৫,০০০ টকাৰ নন ৰিফাণ্ডেবল মাচুল আদায় দি আৰ এফ পি দাখিল কৰে। এনেদৰে দূৰদৰ্শনে পৰিচালক আৰু প্ৰযোজকসকলৰ পৰা কৌশলেৰে সংগ্ৰহ কৰে ২কোটি ৬লাখ টকা।
২কোটি টকা সংগ্ৰহৰ অন্তত ৩০৯ টা প্ৰপোজেল বাছনি কৰি মূল্যায়ন কমিটিৰ ওচৰলৈ আবেদনকাৰীসকলক সাক্ষাৎকাৰৰ বাবে দিল্লীলৈ মাতি পঠিয়ায়। উত্তৰ-পূবৰ জনসাধাৰণৰ উদ্দেশ্য কৰি স্থাপন কৰা চেনেল এটাৰ অনুষ্ঠানৰ বাবে দিল্লীত সাক্ষাৎকাৰৰ আয়োজন কৰাত অঞ্চলটোৰ প্ৰযোজক আৰু পৰিচালকসকল হতচকিত হৈ পৰে যদিও উপায়ান্তৰ হৈ সকলোৱে বিনা বাক্য ব্যয়ে মানি ল’বলৈ বাধ্য হৈ পৰে। এনেদৰে মূল্যায়ন কমিটিয়ে ১১৫ টা প্ৰপোজেল চূড়ান্ত কৰে। কিন্তু আচৰিত ধৰণে ইয়াৰে ৫৯টা প্ৰপোজেল হৈছে উত্তৰ-পূবৰ বাহিৰৰ প্ৰযোজক-পৰিচালকৰ। বিপৰীতে উত্তৰ-পূবৰ পৰা মাত্ৰ ৫৬জন প্ৰযোজক-পৰিচালককহে বাছনি কৰা হয়।
অন্তিম পৰ্যায়ত মাত্ৰ ১০ শতাংশ প্ৰযোজক-পৰিচালকক বাছনি কৰাটোৱে সমগ্ৰ প্ৰক্ৰিয়াটোৰ অন্তৰালত ধন ঘটাটোৱেই দূৰদৰ্শনৰ মূল উদ্দেশ্য আছিল বুলি অভিযোগ উত্থাপিত হৈছে। আনকি এই ক্ষেত্ৰত ধনৰ লেন-দেন চলাৰো অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত newsnextone.comএ নৰ্থ ইষ্ট ফিল্ম এণ্ড টিভি প্ৰডিউচাৰছ এণ্ড ডিৰেক্টৰছ ফ’ৰামৰ সভাপতি সুনীল ৰাজকোঁৱৰৰ সৈতে যোগাযোগ কৰাত তেওঁ সমগ্ৰ প্ৰক্ৰিয়াটোকে এক প্ৰকাৰৰ প্ৰহসন আখ্যা দিয়ে। কেন্দ্ৰীয় চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে উত্তৰ-পূবৰ জনসাধাৰণৰ বাবে ছেটেলাইট চেনেল স্থাপনৰ নামত অঞ্চলটোৰ জনসাধাৰণক বঞ্চিত কৰা বুলিও অভিযোগ কৰে।
'চৰকাৰে ঘোষণা কৰিছিল যে উত্তৰ-পূৱৰ ভাষা-সংস্কৃতি, জনগোষ্ঠী, প্ৰাকৃতিক বৈচিত্ৰ্য, কলা-সাহিত্য আদিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই চেনেলকেইটা স্থাপন কৰা হ’ব। কিন্তু প্ৰকৃততে সেয়া হৈছেনে? উত্তৰ-পূবৰ বাবে স্থাপন কৰা চেনেলত স্থানীয় লোকসকলতকৈ বহিৰাগতসকলকহে অধিক গুৰুত্ব দিয়া হৈছে।
কমিছনড প্ৰগেমৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি উত্তৰ-পূবৰ প্ৰযোজক আৰু পৰিচালকসকলক চূড়ান্তভাৱে বঞ্চিত কৰিছে। ৫০ শতাংশ কমিছনড প্ৰগ্ৰেম উত্তৰ-পূবৰ প্ৰযোজক-পৰিচালকৰ বাবে সংৰক্ষিত বুলি কৈ তাতকৈয়ো কম সংখ্যাক উত্তৰ-পূবৰ লোকক বাছনি কৰা হৈছে। আনকি উত্তৰ-পূবৰ প্ৰযোজক-পৰিচালকক বঞ্চিত কৰি সাক্ষাৎকাৰত অৱতীৰ্ণ নোহোৱা বহিঃৰাজ্যৰ লোককো বাছনি কৰিছে।’- অৰুণপ্ৰভা চেনেলৰ নামত কোটি কোটি টকাৰ অনিয়ম সংঘটিত হৈছে বুলি অভিযোগ কৰি এইদৰে কয় সুনীল ৰাজকোঁৱৰে।
তেওঁ আৰু কয়, 'মেৰিট লিষ্টত এজনো অসমীয়া প্ৰযোজক-পৰিচালক নাই। উত্তৰ-পূবত কি প্ৰতিভাৰ অভাৱ আছে? এই অঞ্চলৰ অসংখ্যা প্ৰযোজক-পৰিচালকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সমৰ্থ হৈছে। তাৰ পিছতো এনেদৰে আমাক বঞ্চনা কৰিছে। আমাৰ বাবেই চৰকাৰে চেনেল স্থাপন কৰিছে আৰু আমাকে বঞ্চনা কৰিছে। এয়া জানো মানি ল’ব পাৰি?’
সভাপতি ৰাজখোৱাই দূৰদৰ্শনে কমিছনড প্ৰগ্ৰেমৰ গাইডলাইন ভংগ কৰা বুলিও অভিযোগ কৰে। মূল্যায়ন কমিটিত যিসকল লোক আছিল তাৰে কেবাজনো লোক তেনে কামৰ বাবে সম্পূৰ্ণৰূপে অযোগ্য আছিল বুলিও ৰাজকোঁৱৰে জানিবলৈ দিছে।
'যোৱা ২১ জুলাইত দূৰদৰ্শনৰ ৱেবছাইটত ৯৯৩ নম্বৰৰ আবেদনকাৰীজন নিৰ্বাচিত হয়। কিন্তু আশ্চৰ্জনকভাৱে এই নম্বৰৰ কোনো আবেদনকাৰীয়ে মূল্যায়ন কমিটিৰ সমুখত অৱতীৰ্ণ হোৱা নাছিল। অনিয়ম সংঘটিত নহ’লে এনে কাৰ্য কোনোপধ্যে সংঘটিত হ’ব নোৱাৰে।’-ৰাজকোঁৱৰে কয়।
স্পেচ মিৰাকল ষ্টুডিঅ’ নামৰ প্ৰযোজনা গোষ্ঠী এটাই অনিয়মৰ মাজেৰে একে সময়তে দুটা শাখাৰ কমিছনড প্ৰগ্ৰেমৰ বাবে নিৰ্বাচিত হোৱা বুলিও অভিযোগ কৰে ৰাজকোঁৱৰে। ৰাজকোঁৱৰে newsnextone.comক কয় যে দুয়োটা শাখাৰ সাক্ষাৎকাৰ একেটা দিনত একে সময়তে অনুষ্ঠিত হৈছিল। তেনে ক্ষেত্ৰত একেটা গোষ্ঠীয়ে কিদৰে একে সময়তে দুটা সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ সুযোগ পালে বুলি প্ৰশ্ন কৰে সভাপতিগৰাকীয়ে। ৰাজখোৱাই আৰু কয় যে দূৰদৰ্শনে উক্ত কমিছনড প্ৰগ্ৰেম সন্দৰ্ভত ৱেবছাইটত যি ফোন নম্বৰ আৰু ই-মেইল উল্লেখ কৰিছিল সেই ফোন নম্বৰ আৰু ই-মেইলত যোগাযোগ কৰা সত্বেও কোনেও কোনোধৰণৰ সঁহাৰি লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। একাংশ প্ৰযোজক আৰু পৰিচালকে একেটা নামতে দুটা ঠিকনা ব্যৱহাৰ কৰা বুলিও newsnextone.comক জানিবলৈ দিয়ে ফ’ৰামৰ সভাপতি ৰাজকোঁৱৰে।
'M/S ANS-ANTER DASIYA NEWS SANSTHAN নামৰ প্ৰযোজনা সংস্থাটোৱে দুটা শাখাত দুটা পৃথক ঠিকনা ব্যৱহাৰ কৰাতো ৰহস্যজনক। এটা শাখাত আবেদনৰ বাবে এফিডএফিটসহ গুৱাহাটী আৰু আন এটা শাখাত ব্যৱহাৰ কৰিছে নতুন দিল্লীৰ ঠিকনা। আচৰিত ধৰণে দুয়োটা শাখাতে আবেদনকাৰী নিৰ্বাচিত হৈছে।’- ৰাজকোঁৱৰে কয়। এই সন্দৰ্ভত তথ্য সম্প্ৰচাৰ মন্ত্ৰণালয় তথা দূৰদৰ্শন কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ফ’ৰামে আদালতৰ দ্বাৰস্থ হ’ব বুলিও সদৰী কৰে ৰাজকোঁৱৰে।
'২০১৫ চনত আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই প্ৰসাৰ ভাৰতীয়ে এখন পত্ৰ প্ৰেৰণ কৰিছিল। উক্ত পত্ৰত উত্তৰ-পূবৰ বাবে ৩টা সুকীয়া চেনেল স্থাপন কৰা হ’ব বুলি আমাক অৱগত কৰা হৈছিল। আমাৰ দাবী আছিল সম্পূৰ্ণ অসমীয়া ভাষাত দূৰদৰ্শনৰ এটা কেন্দ্ৰ স্থাপন কৰা। সম্পূ্ৰ্ণকৈ নহ’লেও আংশিকভাৱে সেই দাবী মানি লৈ DD AS-ME নামৰ এটা চেনেল স্থাপন কৰা হ’ব বুলি জনাই ২০১৫ চনৰ ২৩ জানুৱাৰীত আমালৈ পত্ৰ প্ৰেৰণ কৰিছিল। এই চেনেলটো অসম আৰু মেঘালয়ৰ বাবে সুকীয়া হব বুলি পত্ৰত উল্লেখ কৰিছিল প্ৰসাৰ ভাৰতীয়ে। পিছে আজিলৈকে চেনেলটো স্থাপনৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। বিপৰীতে আনটো চেনেল আৰুণপ্ৰভাৰ নামত উত্তৰ-পূববাসীক বঞ্চনাহে কৰা হ’ল।’-ফ’ৰামৰ সভাপতিগৰাকীয়ে ক্ষোভেৰে কয়।
উল্লেখ্য যে ড’নাৰ মন্ত্ৰণালয়ৰ ধন উত্তৰ-পূবৰ বাবেহে খৰছ কৰা হয়। এই ধন ব্যৱহাৰৰ ক্ষেত্ৰতো উত্তৰ-পূববাসীয়ে প্ৰাধান্য পোৱাতো এক প্ৰকাৰৰ নিয়ম। কিন্তু এই ধনেৰে চলিবলগীয়া উত্তৰ-পূবৰ চেনেলৰ কমিছনড প্ৰগ্ৰেমৰ বাবে বহিৰাজ্যৰ আবেদনকাৰী নিৰ্বাচিত হোৱাত ধন পুনৰ বহিৰাগতৰ হাতলৈ যোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে। এই সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ফ’ৰামে। কেন্দ্ৰ চৰকাৰে এনেদৰে বাৰম্বাৰ উত্তৰ-পূববাসীক বঞ্চনা কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে বুলি অভিযোগ কৰি বিষয়টো সন্দৰ্ভত শীঘ্ৰে বিহিত ব্যৱস্থা হাতত ল’বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক সকীয়াই দিয়ে ফ’ৰামৰ সভাপতিগৰাকীয়ে।