গুৱাহাটীঃ ৱেব পৰ্টেল নিউজ নেক্সট ৱানৰ মুখ্য সম্পাদক, বিশিষ্ট চিন্তাবিদ ডঃ দীনেশ বৈশ্যক কোনো অচিনাক্ত লোকে ফোনযোগে ভাবুকি প্ৰদান কৰে। শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত ৯৯৫৪৮৫৭১৩৯ নম্বৰৰ ফোনৰপৰা নিজৰ পৰিচয় নিদিয়া লোকজনে ডঃ বৈশ্যক বিভিন্ন প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰাৰ লগতে ভাবুকি প্ৰদান কৰে।

ডঃ বৈশ্যই অসমৰ বিভিন্ন কাকতে-পত্ৰই লিখা-মেলা কৰাৰ লগতে 'দৈনিক অগ্ৰদূত’ কাকতত 'দেশ-কাল-সমাজ’ শিৰোনামাৰে এক নিয়মীয়া স্তম্ভ লিখি দেশৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহত বিশ্লেষণাত্মক মতামত আগবঢ়াই আহিছে। বৰ্তমান দেশৰ ৰাজনৈতিক পৰিস্থিতি আৰু শাসকীয় গোষ্ঠীৰ কেতবোৰ এলান্ধুকলীয়া চিন্তা-চৰ্চাক সমালোচনা কৰি ডঃ বৈশ্যই 'অগ্ৰদূত’ কাকতত শেহতীয়াকৈ এক লেখা প্ৰকাশ কৰিছিল। সেই লেখাতেই ক্ষুব্ধ হৈ এনেদৰে তেওঁক ভাবুকি প্ৰদান কৰা বুলি কয় ডঃ বৈশ্যই। 

মন কৰিবলগীয়া যে শেহতীয়াকৈ ভাৰতত যুক্তিবাদী লেখকক বিভিন্ন কৌশলেৰে অৱদমিত কৰাৰ এক প্ৰৱণতাই দেখা দিছে। যুক্তিবাদী লেখিকা গৌৰী লংকেশকো হত্যা কৰিলে একমাত্ৰ তেওঁৰ সবল যুক্তক সহ্য কৰিব নোৱাৰাৰ বাবেই। ইয়াৰ আগতেও যুক্তিবাদী লেখক ক্ৰমে এন এ ডাভলকাৰ, গোবিন্দ পাঞ্চাৰে আৰু এম এম কালবুৰ্গিক হত্যা কৰা হৈছিল একমাত্ৰ এনে অসহিষ্ণুতাৰ বাবেই। এনে প্ৰৱণতা ভাৰতৰ কেতবোৰ ঠাইত পূৰ্বৰেপৰা অতি শক্তিশালী ৰূপত আছিল যদিও অসমত এই প্ৰৱণতা দেখা পোৱা নগৈছিল।

দুৰ্ভাগ্যজনকভাৱে শেহতীয়াকৈ এই প্ৰৱণতা প্ৰথম বাৰৰবাবে অসমতো দেখা গ’ল। ২০১৬ চনত ৰাজ্যখনৰ প্ৰায় অৰ্ধ শতাধিক চিন্তাবিদে দেশত ঘটি থকা এনে অসহিষ্ণুতাৰ বাবেই বি জে পিৰ দৰে দলক অসমৰ শাসনভাৰ নিদিবলৈ মুকলিকৈ আহ্বান জনাইছিল। অৱশ্যে অসমৰ জনতাই তেওঁলোকৰ অহ্বানলৈ কৰ্ণপাত নকৰি গেৰুৱা দলটোকেই শাসনত অধিস্থিত কৰে। কিন্তু এতিয়া অসমতো যুক্তিবাদী লেখকৰ লিখনিৰ বাবে ভাবুকি আহিবলৈ ধৰিছে।

ডঃ বৈশ্যক আজি দিয়া ভাবুকিও এই অসহিষ্ণুতাৰে এক উদাহৰণ বুলিব পাৰি। 'আপুনি কি পাছ কৰিছে?’, 'আপুনি কাঠৰ চচমা পিন্ধে নেকি?’, 'আপোনাৰ নামৰ আগত ডঃ উপাধি আছে, আপুনি হোমিওপেথী ডাক্টৰ নেকি?’, 'আপুনি কিয় এইবোৰ লিখে?’ ইত্যাদি লাগ-বান্ধ নোহোৱা প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰাত ডঃ বৈশ্যই কেইবাবাৰো ফোনটো কাটি দিয়ে যদিও দুৰ্বৃত্তটোৱে তেওঁলৈ ছবাৰলৈকে ফোন কৰে। শেহত অচিনাক্ত লোকজনে 'মঙলদৈলৈ আহিলে চাই ল’ম’ বুলিও ভাবুকি প্ৰদান কৰে ডঃ বৈশ্যক।

এই সন্দৰ্ভত ডঃ বৈশ্যই আৰক্ষীৰ ঊৰ্ধতন মহলক ফোনযোগে অৱগত কৰিছে।