গোৰেশ্বৰঃ অবিভক্ত কামৰূপ জিলাৰ গোৰেশ্বৰ অ্চলটো নাট, নৃত্য, সাহিত্য, সংস্কৃতিৰ দিশত আগবঢ়া বুলি নাম আছে৷ মেদিনী চৌধুৰীৰ দৰে প্ৰথিতযশা সাহিত্যিকৰ জন্মভুমি গোৰেশ্বৰত আজিও চৰ্চা অব্যাহত আছে নাট, নৃত্য, সাহিত্য, সংস্কৃতিৰ৷

নাট, নৃত্য অভিনয় বুলি কলে দৌৰি অহা একাংশ যুৱক যুৱতীয়ে প্ৰতিবছৰে নতুন প্ৰজন্মক উৎসাহিত কৰাৰ লক্ষ্যৰে নাট মঞ্চস্থ কৰাৰ লগতে অভিনয়ৰ প্ৰশিক্ষণ দি আহিছে৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ অন্যতম নাট্যানুষ্ঠান ‘চিফং দ্য আৰ্টিষ্ট’ নামৰ অনুষ্ঠানটোৱে এই প্ৰশিক্ষণ দি আহিছে৷

এইবেলি অষ্টম বাৰ্ষিক গ্ৰীষ্ম কালীন নাট কৰ্মশালা গোৰেশ্বৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছে যুৱক-যুৱতীসকলে। যোৱা ৭ জুলাইৰ পৰা আৰম্ভ হোৱা কৰ্মশালা ২২ জুলাইলৈ চলিব৷ নাট কৰ্মশালাত প্ৰায় ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।

৬ বছৰৰ পৰা ১৫ বছৰলৈ আৰু ১৮ ৰ পৰা ওপৰলৈ দুটা শাখাত চলিছে এই কৰ্মশালা। নাট কৰ্মশালাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে চিকিমৰ বিক্ৰম লেপচা, মেঘালয়ৰ বালশ্ৰামে এ চাংমা, গুৱাহাটীৰ মেঘালী কলিতা আৰু চিফুংৰ মুখ্য পৰিচালিকা পৰী শৰণীয়াই প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে।

ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নাট্যকৰ্মী পবিত্ৰ ৰাভা, ৰঞ্জিত বড়ো, চাংশ্ৰী বড়ো আদিয়েও প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জনাইছে উদ্যোক্তা সকলে। কৰ্মশালাত নাট্যাভিনয়ৰ লগতে কল্পনা শক্তিৰ বিকাশ, শাৰীৰিক-মানসিক শক্তিৰ বিকাশ সাধন, ব্যক্তিত্ব বিকাশ, হস্তকলা আদি বিভিন্ন দিশৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে।