নলবাৰীঃ নলবাৰীৰ গোৱালপাৰাত স্বেচ্ছাসেৱী সংগঠন তথা সাহিত্য-সাংস্কৃতিক সংগঠন 'প্ৰজন্ম'ৰ উদ্যোগত যোৱা ১৫ আৰু ১৬ ছেপ্টেম্বৰত দুদিনীয়াকৈ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰথম দিনা নাট প্ৰতিযোগিতা খনি উদ্বোধন কৰে বোলছবি অভিনেতা দীলিপ কুমাৰ দাসে। অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাংবাদিক শোণিত কুমাৰ ভূঞাই। 

উক্ত অনুষ্ঠানতে অনন্ত চন্দ্ৰ ভৰালীৰ 'মুকুতা মালা' গ্ৰন্থখন  উন্মোচন কৰে নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই। অনুষ্ঠানৰ মঞ্চ মুকলি কৰে আই পি এছ বিষয়া তথা সমাজসেৱক আবু চুফিয়ানে। 

দ্বিতীয় দিনা নিশা নাট প্ৰতিযোগিতা সামৰণি অনুষ্ঠানত অসমৰ প্ৰসিদ্ধ শিল্পী মহেন্দ্ৰ  হাজৰিকাক 'প্ৰজন্ম' বটাঁ প্ৰদান কৰা হয়। উক্ত বটাঁ প্ৰদান কৰে আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মনে৷ অনুষ্ঠানত নলবাৰীৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ ভট্টাচাৰ্য, ডাঃ নিবাৰণ শৰ্মা, ডাঃ বসন্ত কুমাৰ ডেকা, সমাজসেৱক নগেন চন্দ্ৰ বেজবৰুৱা, লাচিত ডেকা, নলবাৰী জিলা আছুৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা উপস্থিত থাকে। 

নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি সতীশ দাস আৰু যুটীয়া সাধাৰণ সম্পাদকদ্বয় দিগন্ত ভৰালী আৰু সুনয়ন শৰ্মাই আতঁ ধৰা প্ৰতিযোগিতা খনিৰ প্ৰথম নাট্য দলৰ পুৰস্কাৰ লাভ কৰে- দীনবন্ধু নাট্য গোষ্ঠী, নলবাৰী (নাটক- সংগভীতি-মুদ্ৰানীতি-মুদ্ৰাপ্ৰীতি) দ্বিতীয় নাট্য দল- প্ৰচেনিয়াম, নগাঁও (যেতিয়া সন্ধ্যা নামে), তৃতীয় নাট্য দল- ইগল, গুৱাহাটী (নাটক- গোঁফ), চতুৰ্থ নাট্য দল- নাট্যচৰ্চা, নলবাৰী (নাটক- ৰাধা জ্বলাই দিও দে)৷ বিচাৰকৰ বিশেষ বটাঁ লাভ কৰে- নাট্য দল- অসম ৰংগকথা, গুৱাহাটী (নাটক- মোট), শৃংখলাবদ্ধ নাট্য দল বটাঁ লাভ কৰে- অসম নাট্য সন্মিলন, টিহু শাখা (নাটক- পিঞ্জৰা)৷ 

শ্ৰেষ্ঠ পৰিচালক- কিশোৰ চক্ৰৱৰ্তী। শ্ৰেষ্ঠ পাণ্ডুলিপি লাভ কৰে- অভিজিত ৰঞ্জন ভট্টাচাৰ্যই (নাটক- সংগভীতি-মুদ্ৰানীতি-মুদ্ৰাপ্ৰীতি)৷ শ্ৰেষ্ঠ  অভিনেতা বিজয় শংকৰ শইকীয়া, (চৰিত্ৰ- প্ৰহৰ, নাটক- যেতিয়া সন্ধ্যা নামে, নাট্য দল- প্ৰচেনিয়াম, নগাঁও)। শ্ৰেষ্ঠ অভিনেত্ৰী- অদিষ্ণা ৰাজবংশী, (চৰিত্ৰ- চিমি, নাটক- গোঁফ, নাট্য দল- ইগল, গুৱাহাটী)। শ্ৰেষ্ঠ কৌতুক অভিনেতা- ৰিন্টু বৰা (নাট্য দল-প্ৰচেনিয়াম, নগাঁও)। শ্ৰেষ্ঠ শিশু শিল্পী- লক্ষ্মীপ্ৰীয়া বৰা (নাট্য কদল- উকা ড্ৰামা ওৱাকৰ্ছ, শিৱসাগৰ)। 

তদুপৰি শ্ৰেষ্ঠ পোহৰ, সংগীত, কলা নিৰ্দেশক ৰূপসজ্জা পুৰস্কাৰ আন তিনিজনক প্ৰদান কৰা হয়।