
আজাৰাঃ দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ‘ঐক্যতা’ৰ উদ্যোগত মিৰ্জাস্থিত শ্বহীদ ভৱনত আজিৰে পৰা অনুষ্ঠিত হৈছে নাট কৰ্মশালা৷
দক্ষিণ কামৰূপ অঞ্চলৰ যুৱক-যুৱতীসকলক নাট কৰ্মশালাৰ জৰিয়তে অভিনয়ৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত সহায়ক হোৱাকৈ দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ঐক্যতাই এই কৰ্মশালা অনুষ্ঠিত কৰিছে৷
আজি পুৱা পতাকা উত্তোলনৰে মিৰ্জাস্থিত শ্বহীদ ভৱনত নাট কৰ্মাশালাৰ শুভাৰম্ভ হোৱাৰ পিছতে "ছাকিৰা আহিব বকুল তলৰ বিহুলৈ" ছবিখনৰ সুদক্ষ অভিনেতা, পৰিচালক, নাট্যকাৰ, কবি হিমাংশু প্ৰসাদ দাসে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে।
পৰিচালক দাসে প্ৰথম দিনা যুৱক-যুৱতীসকলক নাট আৰু অভিনয়ৰ বিষয়ে শিক্ষা দিয়ে। নাট কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ বিষয়-ববীয়া, 'ঐক্যতা'ৰ বিষয়-ববীয়াসকলৰ লগতে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলো উপস্থিত থাকে। ১৫ দিনীয়া নাট কৰ্মশালাত প্ৰায় ৬০ গৰাকী যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।