26
Oct
2018

ডিজিটেল ডেস্ক |নগাঁওঃ পুনৰ সন্তানৰ অত্যাচাৰৰ বলি হ’বলগীয়া হয় দুৰ্ভগীয় পিতৃ-মাতৃ৷ কিন্তু কথমপি ৰক্ষা পৰিল নগাঁও জিলাৰ বাসিন্দা পিতৃ-মাতৃৰ পৰিয়ালটি৷
ড্ৰাগছ আসক্ত পুত্ৰ হেমন্ত বৰাৰ আক্ৰমণত আহত হ’ল পিতৃ-মাতৃ৷ পুত্ৰৰ ভয়ত প্ৰাণ লৈ পলায়ন কৰে পৰিয়ালৰ আন সদস্যসকলে৷ কিয়নো অভিযুক্ত পুত্ৰই হাতত এয়াৰ-গান লৈ পিতৃ-মাতৃক প্ৰাণ লোৱাৰ ভাবুকি দিয়ে৷ যাৰ বাবে নিজৰ প্ৰাণ ৰক্ষা কৰি ঘৰ এৰি যাবলগীয়া হয় পিতৃ-মাতৃয়ে৷
আনহাতে উদ্ভণ্ডালি স্বভাৱৰ পুত্ৰই বাসগৃহৰ বহু মূল্যৱান সা-সামগ্ৰীও লণ্ড-ভণ্ড কৰে৷ এফালে পৰিয়ালৰ লোকে থানাত দিয়া এজাহাৰ ভিত্তিত ড্ৰাগছ আসক্ত হেমন্ত বৰাক চামগুৰিৰ আৰক্ষীয়ে কৰায়ত্ত কৰি এয়াৰ-গানসহ ড্ৰেগাৰ-ছুৰি জব্দ কৰিবলৈ সক্ষম হয়৷