newsnextone.com | দুলীয়াজানঃ ডিব্ৰুগড় জিলাৰ তৈল নগৰী দুলীয়াজান চহৰত এজাক বৰষুণতে পুখুৰী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈ অহাত ৰাইজে ব্যাপক সমস্যাত পৰে৷ দুলীয়াজান চহৰৰ মাজমজিয়াৰ জেইলী বজাৰ ৰোডকে ধৰি বিভিন্ন স্থানত এজাক বৰষুণতে পানী জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি হয়৷ ফলত ৰাইজে আহ-যাহ কৰাত ব্যাপক সমস্যাত পৰে৷ পানী আৰু বোকাৰে চহৰৰ বিভিন্ন ঠাই ভৰি পৰাত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল, ৰোগী আদিয়ে বিপদত পৰে৷

ৰাইজে পথৰ দুয়োকাষে নলা নিৰ্মাণৰ কৰি পানী উলিয়াই নিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাই আহিছে যদিও স্থানীয় বিধায়ক, প্ৰশাসন আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷ 

অইলৰ ঠিকাদাৰে বাট পথ মেৰামতি কৰিছিল যদিও আঁচনি মতে আৰু নিম্নমানৰ কাম কৰাৰ ফলতে বাট পথ সমূহ পুনৰ বিধ্বস্ত হৈ পৰে৷ সময়ে সময়ে বিভিন্ন ধৰনৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে দল-সংগঠন সমূহেও পথ পুনৰ মেৰামতি, নলা নিৰ্মাণৰ দাবী জনাই আহিছে যদিও ৰাজ্য চৰকাৰ, বিধায়ক, প্ৰশাসন আৰু অইল কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷