
newsnextone.com | দুলীয়াজানঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷
মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়া জ্বলিব ধৰিছে সমগ্ৰ ৰাজ্য৷ কেন্দ্ৰীয় চৰকাৰৰ অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী কংগ্ৰেছো৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমত হিন্দু বাংলাদেশ সংস্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কি আছে৷ এইবাৰ বিধেয়কখনৰ বিৰোধিতা কৰি গণ স্বাক্ষৰ অভিযান কৰিছে দুলীয়াজান ব্ল’ক কংগ্ৰেছ কমিতিয়ে৷
বৃহস্পতিবাৰে পুৱাৰ পৰা দুলীয়াজান ব্ল’ক কংগ্ৰেছ কমিতিৰ নেতৃত্ব.ত নাগৰিকত্ব সংশোধনা বিধেয়কখনৰ বিৰোধিতা কৰি এক গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হয়৷ অসমত অসমীয়া অধিকাৰ থাকিব লাগিব, শৰীৰত একবিন্দু তেজ থকালৈকে বাংলাদেশীৰ স্বীকাৰ নকৰো আদি জাতিৰ আবেগ জড়িত শ্ল’গান দি দুলীয়াজান ব্ল’ক কংগ্ৰেছ কমিতিৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ গণ স্বাক্ষৰ অভিযানত সহযোগ আগবঢ়ায় টেঙাখাত কংগ্ৰেছ কমিটিয়েও৷
আনহাতে আগন্তক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত অসমৰ ৰাইজ একত্ৰতি হৈ বিজেপিক শাসনাচ্যুত কৰিব বুলিও মন্তব্য কৰে টেঙারাত কংগ্ৰেছ কমিটিৰ সভাপতি সুশান্ত শইকীয়াই৷ বিজেপিৰ চক্ৰান্তমূলক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সকলো অসমবাসীক ওলাই আহিবলৈ আহ্বান জনায় সভাপতিগৰাকীয়ে৷