
নলবাৰীঃ নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰ বাকৰিত চেন্ট্ৰেল বেংক অব ইণ্ডিয়া, নলবাৰী শাখাৰ উদ্যোগত আৰু নাৱাৰ্ডৰ ই শক্তি আচঁনিৰ সহযোগত আজি এক ঋণ মেলা আৰু বিত্তীয় সজাগতা সভা অনুষ্ঠিত হয়। সভাত ২৫ টা আত্মসহায়ক গোটৰ মাজত তিনি কোটি পঞ্চাছ লাখ টকা বিতৰণ কৰা হয়।
অনুষ্ঠানত চেন্ট্ৰেল বেংক অব ইণ্ডিয়াৰ গুৱাহাটীৰ মহা প্ৰৱন্ধক এছ পি ধল, নাৱাৰ্ডৰ মূখ্য প্ৰৱন্ধক ৰাজশ্ৰী কাকতি বৰুৱা, মহা প্ৰৱন্ধক কে ইউ বিশ্বনাথন, উপ প্ৰৱন্ধক এম ৰবীন্দ্ৰ কুমাৰ ৰেড্ডী, নলবাৰী জিলা প্ৰৱন্ধক দিব্যজ্যোতি বিশ্বাস, ইউকো বেংক নলবাৰী শাখাৰ প্ৰৱন্ধক চণ্ডি চৰণ ডেকা, চেন্ট্ৰেল বেংক শাখাৰ প্ৰৱন্ধক খৰ্গেশ্বৰ টায়েই উপস্থিত থাকি আত্মসহায়ক গোটৰ সদস্য সকলক পৰামৰ্শ আগবঢ়ায়।
চেন্ট্ৰেল বেংক অব ইণ্ডিয়াৰ গুৱাহাটী শাখাৰ আঞ্চলিক প্ৰৱন্ধক ৰাজীৱ ভাৰছনে আঁত ধৰা অনুষ্ঠানত জিলা খনৰ প্ৰায় এহেজাৰ মহিলা উপস্থিত থাকে৷