
লংকাঃ পৃথিৱীৰ পৰা দৰিদ্ৰতাৰ লগতে সন্ত্ৰাসবাদৰ সমস্যা দূৰ কৰাৰ বাবে বিশ্বৰ প্ৰতিখন দেশে শিক্ষাক বিস্তাৰৰ বাবেই মুলত গুৰুত্ব প্ৰদান কৰি আহিছে৷ আমাৰ দেশ ভাৰত তথা ৰাজ্য অসমেও এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ সকলোৰে বাবে শিক্ষা, পঢ়েগা ইণ্ডিয়া বঢ়েগা ইণ্ডিয়া আদি শ্ল’গানেৰে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে কোটি কোটি টকা খৰছ কৰি আহিছে দেশ তথা ৰাজ্যৰ চৰকাৰে৷
দৰিদ্ৰ-শ্ৰমিক, খাটিখোৱা, ৰাজ পথত দিন অতিবাহিত কৰা লোকলসকলৰ লৰা-ছোৱালীয়ে যাতে উচিত শিক্ষা ল’ব পাৰে তাৰ প্ৰতি দেশৰ চৰকাৰে যোৱা ২০ বছৰত গুৰুত্ব প্ৰদান কৰি আহিছে৷ সৰ্বশিক্ষাৰ দৰে আইন প্ৰণয়ন কৰি উচ্চমানৰ প্ৰাথমিক শিক্ষা সমগ্ৰ দেশৰ পিছপৰা লোকৰ সন্তানৰ লাভ কৰাৰ ব্যৱস্থা কৰে।
প্ৰাথমিক শিক্ষা সকলোৰে সামাজিক অধিকাৰ আৰু এই অধিকাৰ সকলোকে প্ৰদান কৰাৰ বাবে বৰ্তমানৰ চৰকাৰ আৰু ইউপিএৰ মনমোহন সিঙৰ চৰকাৰে চেষ্টা চলাই।
২০০০ চনত এক চাৰ্ভে মতে গ্ৰাম্য অঞ্চলৰ ৯৪ শতাংশ প্ৰাথমিক বিদ্যালয়ৰ ১ কিলোমিটাৰ ভিতৰত৷ গ্ৰাম্য অঞ্চলৰ ৮৪ শতাংশ উচ্চ বুনিয়াদী বিদ্যালয় ৩ কিলোমিটাৰৰ ভিতৰত। প্ৰথম পাঁচবছৰীয়া পৰিকল্পনাৰ সময়ত বুনিয়াদী আৰু উচ্চ বুনিয়াদী বিদ্যালয়ত নামভৰ্ত্তিৰ হাৰ বৃদ্ধি পাই আহিছে। বুনিয়াদী আৰু উচ্চ বুনিয়াদী বিদ্যালয়ৰ সংখ্যাও বাঢ়িবলৈ ধৰিছে। ১৯৫০-৫১ চনত মাত্ৰ ৩.১ নিযুত ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ত নামভৰ্ত্তি কৰিছিল। ১৯৯৭-৯৮ত এই সংখ্যা ৩৯.৫ লৈ বৃদ্ধি পায়। ১৯৫০-৫১ চনত বুনিয়াদী আৰু উচ্চ বুনিয়াদী বিদ্যালয়ৰ সংখ্যা আছিল ০.২২৩ নিযুত।
১৯৯৬-৯৭ত এই পৰিমাণ ০.৭৭৫লৈ বৃদ্ধি পায়। এক আনুমানিক হিচাপ মতে ২০০২/২০০৩ বৰ্ষত ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ ৮২ শতাংশই বিদ্যালয়ত নামভৰ্ত্তি কৰিছিল। ভাৰত চৰকাৰে এই দশকৰ শেষত এই পৰিমাণ ১০০ শতাংশ কৰিবলৈ লক্ষ্য লৈছে। এই লক্ষ্যত উপনীত হবলৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে অনেক আঁচনি৷ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনৰ পৰা আৰম্ভ কৰি, গাঁও, নগৰ, সৰু-বৰ চহৰ-নগৰ বস্তি অঞ্চল, পদ পথত তকা কিশোৰ-কিশোৰীলৈকে কেনকৈ বিদ্যালয়লৈ আনিব পৰা যায় তাৰ চিন্তা চৰ্চা কৰে৷
গাঁও শি৭া সমিতি, অভিভাৱক সমিতি, মাতৃ সমিতি, জনজাতি সমিতি আদি সমিতিৰ যোগে সমাজৰ আগৰনুৱা লোকক লৈ সকলো শিশুক বিদ্যালয়লৈ অনাৰ চেষ্টা চলাই গৈছে চৰকাৰে৷ সমগ্ৰ দেশতে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ পৰিবেশ গঢ়ি তোলাৰ লগতে স্থানীয় প্ৰশাসনক সস্তম কৰি শিক্ষাৰ সৈতে সকলোকে সংপৃক্ত কৰিবলৈ চেষ্টা চলাই দেশ তথা ৰাজ্যৰ চৰকাৰে৷ প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে সমগ্ৰ শিক্ষা ব্যৱস্থাক সহজ আৰু শিথিল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷
তাৰ পিছতো কিন্তু শ-শ শিশুৱে আজিও বিদ্যালয় দেখাই নাই৷ আজিও ৰাজ পথত বহু শিশুৱে কেইটামান টকাৰ বাবে শ্ৰম কৰিব লগা হয়৷ দেশত আজিও বহু শিশু আছে যিয়ে দেখা নাই বিদ্যলয়ৰ মুখ।৮-৯ বছৰৰ শিশুৱে শ্ৰমিকৰ হিচাপে আনৰ চাহৰ হোটেলত-দোকানত কাম কৰিব লগা হয়৷ দৰিদ্ৰতাৰ বাবে পৰিয়ালক সহায় কৰাৰ স্বাৰ্থত আনৰ ঘৰত বনকৰা শ্ৰমিক হিচাপে থাকিবলৈ বাধ্য হয়৷ ভয়াবহ শ্ৰমৰ বোজা ল’ব লগা কোমল মনৰ শিশুৱে। যাৰ ফলত কলিতে মৰহি যায় বহু ভৱিষ্যৎ৷ বহু শিশু শ্ৰমিকে হিচাপে কাম কৰা আজিও দেশা যায়। ফুলকুমলীয়া শিশুৱে হাৰ ভঙা পৰিশ্ৰম কৰিল লগা হয়৷
বহু সময়ত শিশুৱে প্ৰকাণ্ড হাতুৰি হাতত তুলি লব লগা হয়। কেন্দ্ৰীয়-চৰকাৰে শিক্ষাৰ নামত কোটি কোটি টকা দি আহিছে এতিয়া সেই কথা কোনে কাক বুজাব৷ প্ৰাথমিক শিক্ষাক লৈ চৰকাৰৰ সকলো শিশু বিদ্যালয়লৈ আহিব বুলি সপোন দেখে৷ ৬ৰ পৰা ১৪ বছৰৰ শিশুসকলৰ শিক্ষালাভৰ উদ্দেশ্যে প্ৰণয়ণ কৰা শিক্ষাৰ অধিকাৰ আইন খনে বৰ্তমানেও একাংশ শিশুক সামৰি ল’ব পৰা নাই৷ হোজাই জিলাৰ লংকা চহৰত বিভিন্ন স্থানত এতিয়া শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে বহু শিশু৷
বিদ্যালয়লৈ শিক্ষা গ্ৰহণৰ বাবে ঢাপলি মেলাৰ পৰিবৰ্তে এতিয়া এইদৰে এডাল ৰছীৰ ওপৰত জীৱন যুদ্ধ কৰা দেখা যায়৷ নিজৰ পিতৃ-মাতৃৰ জ্ঞাতসাৰে কণমাণিয়ে এডাল ৰছীৰ ওপৰত খেলা কৰি অৰ্থ উপাৰ্জন কৰা পৰিলক্ষিত হৈছে৷ লংকাৰ বিভিন্ন স্থানৰ বজাৰ সমূহত এই দৰে এতিয়া সুলভ হৈ পৰিছে এনে ক্ৰীড়া৷ যিয়ে ভবিষ্যত অন্ধকাৰৰ দিশে ঠেলি দিছে এগৰাকী কণমাণিৰ ভৱিষ্যত জীৱন৷ চহৰখনৰ প্ৰশাসনৰ খোদ চকুৰ সন্মুখতে এতিয়া শিক্ষাৰ অধিকাৰ আইনক উপহাস কৰিছে৷ এনে শিশুবোৰ যিকোনো ৰাজ্যৰ নহওক কিয় সমাজৰ সকলো শ্ৰেণীৰ দায়িত্ব আছে এওলোকক স্কুললৈ নিবলৈ৷