তেজপুৰঃ  বৃহস্পতিবাৰে ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয়ৰ সভাকক্ষত ‘অসমীয়া সমাজ সংস্কৃতিৰ পৰিবৰ্দ্ধনত ছাত্ৰ ছাত্ৰীৰ ভুমিকা কি হোৱা উচিত’ শীৰ্ষক বিষয়ত এক সন্মিলন অনুষ্ঠিত হয়।

তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাৰ্থী সকলে আয়োজন কৰা অনুষ্ঠানত উপস্থিত আছিল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাৰ্থী আৰু অধ্যাপক সকল৷ তেজপুৰ মহাবিদ্যালয়ে অনুষ্ঠিত কৰা সন্মিলনৰ জড়িযতে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ'ব বুলি আশা ব্যক্ত কৰে অধ্যাপক সকলে৷