
কামপুৰঃ কামপুৰত ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ‘দিব্য সন্মান সমাৰোহ’ৰ আয়োজন কৰা হয়। ব্ৰহ্মাকুমাৰী বিশ্ববিদ্যালয়ৰ ৮০ বছৰ সম্পূৰ্ণ হোৱাত কেক কাটি জন্মজয়ন্তী পালন কৰাৰ লগতে উপ-ক্ষেত্ৰীয় সঞ্চালিকা ৰাজযোগিনী ব্ৰহ্মাকুমাৰী শীলাৰ ইশ্বৰীয় সেৱাত সগৌৰৱে ৫০ বছৰ অতিক্ৰম কৰাত তেখেতক সন্মান জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠান অনুষ্ঠিত কৰে।
অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত থাকি তত্বগধুৰ ভাষণৰে শ্ৰোতাক আপ্লুত কৰি ৰাখে। অনুষ্ঠানটোত ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বিভিন্ন সেৱা কেন্দ্ৰৰ শিক্ষাৰ্থীৰ লগতে ৰাজ যোগিনী ব্ৰহ্মাকুমাৰী শীলা উপস্থিত থাকে।
ব্ৰহ্মাকুমাৰী গৰাকীয়ে ইশ্বৰীয় সেৱাত ৫০ বছৰ সেৱা আগবঢ়াই অহাৰ উপলক্ষে কামপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সন্মান জনায়।