নলবাৰীঃ নলবাৰীৰ বৰাজোলত দীনদয়াল উপাধ্যায় গ্ৰাম্য জ্যোতি আঁচনিৰ অধীনৰ ইলেক্ট্ৰিকেল সামগ্ৰী বিতৰণ কৰা হয়। দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰায় শতাধিক লোকৰ মাজত এই ইলেক্ট্ৰিকেল সামগ্ৰী সমূহ আনুষ্ঠানিক ভাৱে  বিতৰণ কৰে নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই।

বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা, সাধাৰণ সম্পাদকদ্বয় চন্দন ডেকা, ডিম্বেশ্বৰ বেজবৰুৱাই আঁত ধৰা এক অনুষ্ঠানত সামগ্ৰী সমূহ বিতৰণ কৰি বিজেপি নেতা বনদ্বীপ ডেকাই কয় যে- অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ৰাইজৰ কল্যাণৰ বাবে কাম কৰি আছে আৰু তেনে আঁচনি গ্ৰহণ কৰিছে৷

সকলোৱে চৰকাৰৰ এই আঁচনি সমূহৰ সুযোগ গ্ৰহণ কৰক বুলি দোহাৰে অনুষ্ঠানত বিদ্যুত বিভাগৰ কেইবাগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।