
লংকাঃ হাতীয়ে আমাক শুব নিদিয়ে। প্ৰতিদিনে হাতী আহি আমাক উৎপাত কৰে। আমাৰ ধান খাই, ঘৰ ভাঙে। এই মন্তব্য আমাৰ নহয়। এই মন্তব্য হৈছে হোজাই জিলাৰ লংকাৰ একাংশ লোকৰ।
ৰাজ্যত হাতী মানুহৰ সংঘাতে চৰম সীমা অতিক্ৰম কৰাৰ পিছতো ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত আবেগিক হৈ এই মন্তব্য প্ৰকাশ কৰে।ইমানে নহয় যিসকলে আমাক পৰিবৰ্তনৰ সপোন দেখুৱাই গাডী দখল কৰিলে তেওলোক এতিয়া ভিআইপি হ'ল বুলি ক্ষোভ উজাৰে ৰাইজে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় থকাৰ সমান্তৰাল ভাৱে শুকুৰবাৰে নিশা লংকাৰ বিভিন্ন প্ৰান্তত বন্য হস্তীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলায়৷ খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা প্ৰায় ৪০/৫০ টা হাতীৰ জাকে নিশা প্ৰথমে লংকাৰ পাঞ্জাৱীবস্তিত প্ৰৱেশ কৰি তাণ্ডৱ চলায়৷
নিশা প্ৰায় ১১ মান বজাত প্ৰৱেশ কৰা বন্য হস্তীৰ বৃহৎ জাকটোৱে অঞ্চলটোত এফালৰ পৰা সন্ত্ৰাস চলায় অঞ্চলটিৰ বহু লোকৰ বাৰীত সোমাই গছ গছনি তহিলং কৰাৰ লগতে দুটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।
কেৱল এয়াই নহয় হাতীৰ জাকে বহু বিঘা ধান খেতিৰো বিস্তৰ ক্ষতি সাধন কৰাত মূৰে কপালে হাত দিবলগীয়া হয় কৃষক সকলে৷ অৱশেষত ৰাইজৰ তৎপৰতাত হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয় যদিও সেই জাকে পুনৰ চামবাৰী অঞ্চলত প্ৰৱেশ কৰি বহু সময়লৈকে ত্ৰাস চলাই৷
ইফালে হাতীৰ উপদ্ৰপ ৰোধ কৰাৰ বাবে বন বিভাগক অৱগত কৰাৰ পাছতো কান সাৰ নাই বিয়াগোম বন বিভাগৰ৷ ফলত ৰাইজে এনেদৰে জুই জ্বলাই হাতীৰ জাকটোক খেদিবলৈ চেষ্টা চলাই৷ নিতৌ অঞ্চলটোত হাতীৰ তাণ্ডৱ অব্যাহত থকাত আতংকিত হৈ নিশাৰ ভাগত গঞাই উজাগৰে কটাব লগীয়া হৈছে৷