
লংকাঃ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা শুকুৰবাৰে নিশা খাদ্যৰ সন্ধানত দাঁতি কাষৰীয়া গাঁৱত প্ৰৱেশ কৰা এটা বনৰীয়া হাতীয়ে অকাল মৃত্যুক সাৱটি লবলগীয়া হয়। জানিব পৰা মতে, লামডিং সংৰক্ষিত বনাঞ্চলৰ সমীপতে থকা পটুপথাৰত আজি পুৱা উদ্ধাৰ হয় এটা বনৰীয়া হাতীৰ মৃতদেহ।
পাছত স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়াত ঘটনাস্থলীত বনকৰ্মীৰ এটা দল উপস্থিত হৈ মৃত হাতীটো পৰ্যবেক্ষণ কৰে৷ বনকৰ্মীয়ে বনৰীয়া হাতীটোৰ অকাল মৃত্যু হোৱা বুলিয়ে বিষয়টো সামৰি থবলৈ চেষ্টা কৰে৷
আনহাতে স্থানীয় ৰাইজৰ মতে খাদ্যৰ অবাৱত বলাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীটোৱে কীটনাশক দ্ৰব্যযুক্ত ধান খাই মৃত্যুক আকোঁৱালি লবলগীয়া হৈছে৷ অৱশ্যে বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱা দক্ষিন নগাঁও সংমণ্ডলৰ বন বিষয়াই হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্ণনা কৰাৰ পৰা বিৰত থাকি মৰোণোত্তৰ পৰীক্ষাৰ পাছত হে প্ৰকৃত কাৰণ জানিব পৰা হ’ব বুলি মন্তব্য কৰে৷
আনফালে বিগত কিছু দিন ধৰি হোজাই জিলাৰ কাকী, লংকা, উদালী আদি অঞ্চলত বনৰীয়া হাতীয়ে সঘনাই উপদ্ৰৱ চলাই কেইবাটাও গৃহ ধ্বংস কৰাৰ লগতে বিস্তৃত খেতিপথাৰ বিনষ্ট কৰি আহিছে৷ স্থানীয় ৰাইজে এই বিষয়ে বহুবাৰ বন বিভাগক অৱগত কৰাৰ পাছতো বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ ৰাইজে অভিযোগ উত্থাপন কৰে৷
বনৰীয়া হাতীৰ জাকক জনাঞ্চলৰ পৰা বনাঞ্চললৈ ওভতাই পঠোৱাত বন বিভাগ চুড়ান্ত ব্যৰ্থ হোৱাৰ ফলশ্ৰুতিতে আজি এনেদৰে এটা বনৰীয়া হাতীয়ে অকাল মৃত্যুক সাৱটি লবলগীয়া হোৱাত বনবিভাগৰ ওপৰত স্থানীয় ৰাইজে ক্ষোভ উজাৰিছে৷