গোৱালপাৰাঃ খাদ্যৰ সন্ধানত ওলাই আহি আৰু এটি বনৰীয়া হাতীৰ মৃত্যু হ’ল৷ এইবাৰ হাতীৰ মৃত্যু হয় গোৱালপাৰাত৷ মাথো চাৰি দিন পূৰ্বে শিৱসগাৰ জিলাৰ হালোৱাটিঙত বিদ্যুৎস্পৃষ্ট হৈ দুটি হাতীৰ মৃত্যু হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷

যোৱা কেইবাটাও দিনৰ ভিতৰত বহু কেইটা বনৰীয়া হাতীৰ মৃত্যু হয়৷ এইবাৰ নামনি অসমৰ গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত ছাটাবাৰি গাঁৱৰ সমীপৰ ধান খেতিৰ পথাৰত বনৰীয়া হাতীটোৰ মৃত্যু হয়৷ বৃহস্পতিবাৰে পুৱা ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত ছাটাবাৰি গাঁৱৰ খেতিপথাৰত মাইকী হাতীটো পৰি থকা প্ৰত্যক্ষ কৰে ৰাইজে৷ ৰাইজে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বিন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ হাতীটোৰ মৃত্যুৰ কৰাণ জানিব পৰা হোৱা নাই।