22
Aug
2017

কামপুৰঃ ৰাজ্যত পুনৰ হাতী-মানুহৰ সংঘাত৷ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পাছত এইবাৰ হাতী-মানুহৰ সংঘাত সংঘটিত হ’ল নগাঁও জিলাত৷
নগাঁও জিলাৰ কঠিয়াতলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কন্দলীত সোমবাৰে নিশা বন্যহস্তীৰ এটা জাকে সন্ত্ৰাসৰ সৃষ্টি কৰে৷ কন্দলীৰ বন্যাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে পকী ঘৰ সহ ৬ টাকৈ বাসগৃহৰ লগতে বহু মুল্যবান সামগ্ৰী ভাঙি চুৰমাৰ কৰে৷
হাতীৰ আক্ৰমনত কোনো ব্যক্তি হতাহত হোৱা নাই যদিও হাতীৰ আক্ৰমনৰ ফলত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে৷
অঞ্চলটোত বনৰীয়া হাতীৰ সন্ত্ৰাস এইবাৰেই প্ৰথম নহয়৷ আগতেও বহুবাৰ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে অঞ্চলটোত আক্ৰমন চলাইছে যদিও হাতী খেদাত ব্যৰ্থ হৈছে ৰাজ্যৰ বন বিভাগ৷