বোকাজানঃ ৰাজ্যত প্ৰতিদিনে হাতী-মানুহৰ সংঘাত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ মূল কাৰণ হৈছে বনাঞ্চল সমূহত বন্য জীৱ-জন্তুৱে সন্মুখীন হৈছে চৰম খাদ্য সংকটত, যাৰ ফলস্বৰূপে খাদ্যৰ সন্ধানত বন্যহস্তী জনাঞ্চললৈ ওলাই আহিছে আৰু হস্তী-মানুহৰ সংঘাট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰো বনাঞ্চল সমূহ সংকুচিত হৈ অহাৰ ফলত বিভিন্ন সময়ত বন্যহস্তীৰ দলে জনাঞ্চললৈ প্ৰবেশ কৰি ধ্বংসলীলাৰ লগতে ত্ৰাসৰ সৃষ্টি কৰা দৃশ্য এতিয়া সহজলভ্য৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তিৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানৰ সংৰক্ষিত বনাঞ্চলত পূব বন সংমণ্ডলৰ মাঞ্জা কেন্দ্ৰীয় সংমণ্ডলৰ বনকৰ্মীয়ে উদ্ধাৰ কৰিছে এটি প্ৰায় দুবছৰীয়া হাতীৰ পোৱালী৷

উল্লেখ্য যে দীৰ্ঘদিনধৰি এটা হাতীৰ জাকে প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলৰ চৌপাশে থকা গাঁও সমূহত খাদ্যৰ সন্ধানত প্ৰায়ে বিচৰণ কৰি আহিছে৷ খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোৰ পৰা বিছিন্ন হৈ যোৱা এই হাতীৰ পোৱালীটো কেইবাদিনধৰি পিতনিত আবদ্ধ হৈ থকাৰ পাছত আজি বন বিভাগৰ কৰ্মীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে কেইবাদিনো অনাহাৰে থকা হাতীৰ পোৱালীটোক খাদ্যৰ যোগান ধৰে ৷

পোৱালীটোক সুস্থ কৰি তোলাৰ পাছত বনবিভাগৰ কৰ্মীয়ে পুনৰ বনাঞ্চলখনৰ হাতীৰ জাকটোৰ সৈতে হাতীৰ পোৱালীটোক এৰি দিব বুলি উল্লেখ কৰাৰ উপৰি কিবা কাৰণত পোৱালীটো হাতীৰ জাকটোৰ সৈতে যদি নাযায় তেন্তে বনবিভাগৰ লোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ পোৱালীটো চমজাই দিব বুলিও বনবিভাগৰ লোকে সাংবাদিকক জানিবলৈ দিয়ে৷