
সৰভোগঃ বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটাৰোডৰ বিশিষ্ট উদ্যোগী অশোক ৰয় চৌধুৰী বুধবাৰে নিশা প্ৰায় এঘাৰ বজাত হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱতি লয়।
নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা নৱৈৰ দশত সাধাৰণ এটা স্কুটাৰ গেৰেজেৰে কাম আৰম্ভ কৰা এই ব্যক্তিজনে ২০ বছৰ মানৰ ভিতৰতে নিজৰ একান্ত পৰিশ্ৰম তথা বুদ্ধিৰে নিজকে এজন সফল উদ্যোগী হিচাবে প্ৰতিষ্ঠা কৰিছিল।
নামনি অসমৰ অন্যতম মাৰুতি চাৰ্ভিছ চেন্টাৰ ৰয় অটো ইঞ্জিনীয়াৰিং, অংকিতা চাৰ্ভিছ ষ্টেচনৰ স্বত্বাধিকাৰী হোৱাৰ লগতে টিভিএছ স্কুটাৰৰ মুখ্য ডিলাৰ আৰু বোণ্ডেড ওৱেৰ হাউছৰ স্বত্তাধীকাৰী আছিল।
অশোক ৰয় চৌধুৰী দমকা চকা বাউসী মৌজাৰ মৌজাদাৰ হিচাবেও সৰ্বসাধাৰণক সেৱা কৰিছিল। প্ৰায় এশ জন কৰ্মচাৰীৰে তেওঁ এইবিলাক কাম সুকলমে কৰাৰ বাবে ভালে কেইবাৰ শ্ৰেষ্ঠ উদ্যোগীৰ বঁটা চৰকাৰ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পাবলৈ সক্ষম হৈছিল। প্ৰায় ৫০ বছৰীয়া চৌধুৰীয়ে মৃত্যুৰ সময়ত পত্নী, দুজন ল’ৰা আৰু এজনী কন্যাক পৃথিৱীত এৰি থৈ যায়।