বিহালীঃ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত টেঙাবাৰী গাঁৱত বৰগাং নদীৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে।

এই খহনীয়াৰ ফলত কেইবাটাও পৰিয়ালৰ ঘৰ বাৰী নদীত জাহ যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। বৰগাং নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থানীয় বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক কেইবাবাৰো স্মাৰক পত্ৰৰ জৰিয়তে অৱগত কৰোৱা হৈছে।

কিন্তু প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে টিকে ইঞ্জিনিয়াৰিং কোম্পানীটোৱে বৰগাং নদীত খনন কাৰ্য চলোৱাৰ ফলতো এই গৰাখহনীয়াৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে।

ইফালে স্থানীয় ৰাইজ আৰু  আমছুৰ জিনজিয়া আঞ্চলিক সমিতিয়ে অতি শীঘ্ৰেই বৈজ্ঞানিক পদ্ধতিৰে এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে।