
গুৱাহাটীঃ ৰাজ্যৰ সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ হৈ সততে সক্ৰিয় ভূমিকা পালন কৰি অহা সদৌ অসম সাংবাদিক সন্থাৰ এখন বিশেষ কাৰ্যনিৰ্বাহ সভা দেওবাৰে মহানগৰীত অনুষ্ঠিত হৈ যায়৷ দিনৰ ১১ বজাৰ পৰা মহানগৰীৰ মিডিয়া ট্ৰাষ্টত অনুষ্ঠিত সভাত সাংবাদিকে সন্মুখীন হৈ সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ লগতে কেইবাটাও বিশেষ বিষয়ৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷
যোৰহাট জিলাত ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম সাংবাদিক সন্থাৰ দশম দ্বি-বাৰ্ষিক অধিবেশন সন্দৰ্ভতো আলোচনা কৰা হয়৷ অধিবেশন সৈতে সংগতি ৰাখি কেইবাটাও বিশেষ বঁটা প্ৰদান কৰিব সাংবাদিক সংগঠনটোৱে৷
কাৰ্যনিৰ্বাহকত ৰাজ্যখনৰ ২০খন জিলাৰ প্ৰতিনিধিৰ সন্মতি মৰ্মে সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন সভাপতি ৰোহিণী মেধি সোঁৱৰণী জীৱনজোৰ সাধনা বঁটা বিশিষ্ট সাহিত্যিক তথা সাংবাদিক কনকসেন ডেকাক, সুদীৰ্ঘ কেইবাদশক ধৰি পৰিবেশ সম্পৰ্কীয় লেখামেলা কৰি অহা লেখক-সাংবাদিক জিতু কলিতাক বন আৰু পৰিবেশ বঁটা, উৎপল বৰুৱাক (জনমভূমি) কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব৷
কলা-সংস্কৃতিৰ প্ৰেৰণা বঁটাৰ বঁটাৰ বাবে সঞ্জীৱ নাৰায়ণক, অসমীয়া প্ৰতিদিন কাকত গোষ্ঠী স্বতাধিকাৰী জয়ন্ত বৰুৱাক সমাজ হিতৈষী বঁটা, বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক কেশৱ শইকীয়া সোঁৱৰণী বঁটা, সংবাদ ৰত্নৰ বাবে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, যুৱ সাংবাদিকতা বঁটাৰ বাবে ক্ৰমে অনুপম চক্ৰৱৰ্তী, নিপ বৰুৱাক, আনহাতে মানিক বৰা সোঁৱৰণী বঁটা আমাৰ অসম কাকতৰ জেষ্ঠ সাংবাদিক উত্তম বৰুৱাক নিৰ্বাচিত কৰা উপৰিও সন্থাৰ বিশেষ ৫টা নিয়মীয়া বঁটাৰ বাবে সভাই তিনিজনীয়া এখন সমিতি গঠন কৰে বুলি সন্থাৰ সম্পাদক ৰাতুল বৰাই এক বিবৃতি যোগে উল্লেখ কৰে।
আনহাতে যোৰহাট হ’বলগীয়া সদৌ অসম সাংবাদিক সন্থাৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানত অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বদ্ধৰ্না জনোৱা ’ব বুলিও জানিব দিয়ে সাংবাদিক সংগঠনটোৱে।