নগাঁওঃ ২১ ফেব্ৰুৱাৰী সমগ্ৰ বিশ্বৰ বাবে এটা গৌৰৱৰ দিন৷ এই দিনটোক আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়৷ বিশ্বৰ বিভিন্ন দেশৰ বাবে এটা স্মৃতিৰ দিন এই দিনটো৷ ১৯৫২ চনৰ পৰাই এই দিনটোক মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছে বিশ্বই।

 সমাজৰ পৰা বিভিন্ন ভাষা, উপ-ভাষা, দোৱান আদিৰ অস্তিত্ব দিনক দিনে লুপ্ত পাই অহাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো জাতি, উপ-জাতি, জনগোষ্ঠীৰ মাতৃভাষাক শ্ৰদ্ধা, সম্ৰণ কৰাৰ উদ্দেশ্যে ২০০০ চনৰ পৰাই ৰাষ্ট্ৰসংঘৰ নিৰ্দেশত বিশ্ব মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছে৷

বিগত বৰ্ষবোৰৰ দৰে এইবাৰো সৰ্বত্ৰে নানা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে এই দিৱস৷ কিন্ত এনে এটি গুৰুত্বপূৰ্ণ দিনতেই নগাঁও জিলাৰ বটদ্ৰৱাত নিজৰ মাতৃভাষাৰ পৰীক্ষাত নকল কৰি পৰীক্ষাগৃহৰ পৰা পৰীক্ষাৰ্থী বহিস্কৃত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰাপ্ত খবৰ মতে, বুধবাৰে অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তৃতীয় দিনা মাতৃভাষা অসমীয়া বিষয়ৰ পৰীক্ষা চলি থকা সময়তে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসৎ উপায় অৱলম্বন কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয়।

নিৰীক্ষকে অসৎ উপায় অৱলম্বন কৰাটো হাতে-লুতে ধৰা পেলাই Roll-B18-606 NO.015,NO.060,NO.122,NO.448 নম্বৰৰ চাৰি গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰে৷ কাজেই, এনেদৰে নিজৰ মাতৃভাষা অসমীয়া বিষয়তে নকল কৰি বহিস্কৃত হোৱা ঘটনাই বেছ চৰ্চা লাভ কৰিছে৷