লংকাঃ হোজাই জিলাৰ লংকা পৌৰ সভাৰ অন্তৰ্গত ১১ নং ৱাৰ্ডৰ সেয়া পথ নে পথাৰ ধৰিবলৈ অসুবিধা হঠাৎ দেখা ব্যক্তি এজনৰ বাবে৷ ১৫ বছৰীয়া কংগ্ৰেছী শাসন কালক ৰাজ্যৰ অনুন্নয়নৰ কাৰণ কৈ পৰিবৰ্তন আৰু উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি দলে৷ পিছে নিৰ্বাচনৰ আগৰ কথা আৰু চৰকাৰ গঠনৰ পাছৰ কথা একে হৈ নুঠিল৷ 

প্ৰতিশ্ৰুতিৰ ফুলজাৰি ফুটাই ৰাজ শাসন দখল কৰা মিছলীয়া চৰকৰখনে যে যোৱা ১৬ মাহত ৰাইজক পৰিবৰ্তনৰ নামত আভুৱা ভাৰিলে, সেয়া প্ৰমাণ হ’ল৷ চৰকাৰ ফোপোলা স্বৰূপটো উদঙাই পেলাইছে ৰাজ্যৰ বাট-পথ বোৰেই৷ তেনে পথেৰে ভৰি লংকাৰ ১১ নং ৱাৰ্ডটো৷ ভালকৈ নাচালে পথ নে পথাৰ ধৰিবলৈ টান হৈ পৰে৷ বিগত সময়ত বিভাগীয় কৰ্তৃপক্ষক ৰাইজে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো কোনো ফল ধৰা নাই এই অঞ্চলটোত৷ 

এজাক বৰষুনতে বাট গুছি পথাৰৰ ৰূপ ধাৰণ কৰা বাটটোৱে এই বাৰিষাৰ দিনকেইটাত অঞ্চলবাসীক যমৰ যাতনা ভুগাই আহিছে৷ আনহাতে বোকাময় বাটটোৰে কান্ধত উঠাই পাৰ কৰিব লগীয়া হয় স্কুলীয়া ছাত্ৰ-ছাত্ৰীক৷ জৰাজীৰ্ণ পথটোৰে তিনিচকীয়া, চাৰিচকীয়া অথৱা এম্বুলেঞ্চ সেৱা পাৰ হ’ব নোৱাৰা হেতু জীয়াতু ভুগীবলগীয়া হৈছে অঞ্চলটোৰ ৰোগী আৰু সাধাৰণ ৰাইজে৷ 

এই অঞ্চলৰ ৰাইজে পথৰ দূৰৱস্থাৰ বিষয়ে বাৰম্বাৰ পৌৰ পতি তথা স্থানীয় বিধায়কক জনোৱাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক৷ জৰাজীৰ্ণ পথটো মেৰামতি কৰিবলৈ ৰাইজে পুনৰ এবাৰ প্ৰশাসন আৰু বিধায়কৰ ওচৰত দাবী জনাইছে৷