
ধনশিৰিঃ মাকৰ কোলাৰ পৰা নামি গৈ তেও চোতালত বোকা পানীৰে খেলিছিল৷ পিতৃ-মাতৃয়ে আলসৰ লাড়ু তেওঁ৷ তেওঁক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ সপোণ দেখে পিতৃ-মাতৃয়ে৷ আন দহগৰাকী কিশোৰৰ দৰে হাহি ধেমালি কৰে তেওঁ৷ তেওঁ এতিয়াৰ পৰাই কিতাপ পত্ৰ আগত লৈ পঢ়া আৰম্ভ কৰিছিল৷ নাম তেওৰ শ্ৰীবাস্তৱ কাকতি৷ বয়স তিনি বছৰ ৬ মাহ৷
দুষ্টামী কৰি খেল-ধেমালিৰে সময় পাৰ কৰা শ্ৰীবাস্তৱ এতিয়া মাকৰ কোলাত৷ পখিলা খেদাৰ বয়সতে তেও মাকৰ কোলাত দিন পাৰ কৰিছে৷ কিয়নো তেওঁ চকুজুৰিৰে নেদেখা হ’ল৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ মৌজাৰ পাভজান গাঁৱৰ নিবাসী মৃগেন কাকতিৰ ৩ বছৰ ৬ মহীয়া পুত্ৰ শ্ৰীৱাস্ত কাকতিৰ পৰিয়ালে এতিয়া চকুলো টুকি দিন পাৰ কৰিছে৷
গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসাধীন কৰাৰ পিছতে শ্ৰীবাস্তৱ দৃষ্টিহীণ হৈ পৰা বুলি অভিযোগ কৰে পৰিয়ালে। সাধাৰণ ৰোগত আক্ৰান্ত কিশোৰ শ্ৰীৱাস্তক বিভিন্ন ঠাইত চিকিৎসা কৰাই যদিও আৰোগ্য নোহোৱাত বিগত এপ্ৰিল মাহত গুৱাহাটীৰ জি এন আৰ চিৰ স্নায়ূুৰোগ বিভাগত ভৰ্ত্তি কৰায়। জি এন আৰ চিত শিশুটোক এমআৰআই কৰাত শিশুটো বেহুচ হৈ পৰে আৰু মুখমণ্ডল ক’লা হৈ যায় বুলি পৰিয়ালে জানিব দিয়ে।
এই বিষয়ে তেতিয়া অভিভাৱকে কৰ্তব্যৰত নাৰ্ছক অৱগত কৰে যদিও কোনো গুৰুত্ব নিদি বহু সময়ৰ পিছত শিশুটিৰ তেনে অৱস্থা দেখি খৰখেদাকৈ ভেন্টিলেচনত ৰখাৰ ব্যৱস্থা কৰে চিকিৎসকে। ভেন্টিলেচনত শিশুটো ২০ দিন মান থকাৰ পিছত হুচ পোৱাত কেবিনলৈ উলিয়াই আনে। কিন্তু শিশুটোৰ স্বাস্থ্য দিনে দিনে বেয়াহে হ’ব ধৰে।
লাহে লাহে খোজকাঢ়িব আৰু কথা কব নোৱোৰা হোৱাত শিশুটিক চিকিৎসালয় খনে পুনৰ এম আৰ আই কৰিব বিছৰে যদিও অভিভাৱকে শংকাত ভূগি শিশুটিক মে’ মাহত ঘৰলৈ ঘুৰাই আনে। শিশুটিয়ে যি অৱস্থাত গুৱাহাটীৰ জি এন আৰ চি হস্পিতালত ভৰ্তি হৈছিল তাতকৈ বহু বেছি হেৰুৱাই ঘৰমুৱা হ’ব লগীয়া হয়। শিশুটিয়ে জি এন আৰ চি লৈ গৈ দুয়োটা চকুৰে দৃষ্টি শক্তি হেৰুৱাব লগীয়া হয় বুলি পৰিয়ালে গুৰুতৰ অভিযোগ কৰে।
ইয়াৰ উপৰিও শিশুটোৰ শাৰীৰিক অৱস্থা দিনে দিনে বেয়াৰ ফালে ঢাল খায়৷ বিষয়টোৰ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষক অৱগত কৰে যদিও চিকিৎসকে শিশুটি জন্মৰে পৰা অন্ধ বুলি তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰে। খেল-ধেমালী কৰা, ঘুৰি-ফুৰা কৰা, ওচৰ চুবুৰীয়াৰ ঘৰলৈ নিজে খোজকাঢ়ি যোৱা কিশোৰটোক জন্মৰে পৰা অন্ধ বুলি কথাষাৰক গৰিহণা দিয়ে পৰিয়ালে৷
উৎসৱ, পাৰ্বন আদিত পৰিয়ালে ৰেকৰ্ড কৰা ভিডিঅ’ ফুটেজত শিশুটোৰ বিভিন্ন অংগী-ভংগী, নাচ গান কৰা ভিডি’অ ফুটেজ দেখুৱাই চকুলো টুকী তেওলোকৰ সন্তানক জন্মৰে পৰা অন্ধ বুলি কথাষাৰৰ বিৰোধ কৰে পিতৃ-মাতৃয়ে। জি এন আৰ চি হস্পিতালত থকা একাংশ চিকিৎসকে ৰোগীক গিনিপিগ হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি পৰিয়লটোৱে অভিযোগ কৰি ভৱিষ্যতে আন কাৰোৰে প্ৰতি এনে ব্যৱহাৰ নকৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক আহবান জনায়৷ তেওঁলোকৰ সন্তানৰ দৰে আনৰ সন্তানৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি নাহে বুলিও কামনা কৰে পৰিয়ালটোৱে।