indilens.com
indilens.com

নগাঁওঃ সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱা নগাঁৱৰ ঘৃণনীয় কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত বিভিন্ন দল-সংগঠনে চলাই আছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী৷

ইয়াৰ সমান্তৰালকৈ এক দুষ্ট চক্ৰই এই নগাঁও কাণ্ডক কেন্দ্ৰ কৰি বিয়পাইছে উৰাবাতৰি৷ যাক লৈ সাধাৰণ জনতা বহুক্ষেত্ৰত বিবুদ্ধিত পৰিবলগীয়াত পৰিছে৷ এনে উৰাবাতৰিৰ অংশ হিচাপে এই চক্ৰটোয়ে কৌশলেৰে প্ৰচাৰ চলাইছে যে কাইলৈ নগাঁও বন্ধৰ আহ্বান জনাইছে খিলঞ্জীয়া ঐক্য মঞ্চই৷

প্ৰকৃততে কোনো বন্ধৰ আহ্বান জনোৱা নাই খিলঞ্জীয়া ঐক্য মঞ্চই৷ সংগঠনটোৱে এই কথা স্পষ্ট কৰি দি এইয়া কোনো দুষ্ট চক্ৰৰ নিলৰ্জ্জ অভিপ্ৰায় বুলি অভিহিত কৰি ৰাইজক এই উৰাবাতৰিত ভোল নাযাবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে৷