ডিফুঃ আজি ডিফু আৰক্ষীৰ জালত পৰিল এজন ভূৱা আলফা সদস্য তথা গাড়ীচোৰ৷ আৰক্ষীৰ সূত্ৰ মতে আজি পুৱা নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছ যোগে ডিফু অভিমূখে আহি থকা ভূৱা আলফা সদস্য তথা গভাইত গাড়ী চোৰটোৰ সম্ভেদ লাভ কৰে আৰক্ষীয়ে৷

তাৰ পাছতেই ডিফু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ডিফু ৰেল ষ্টেচনত খোপনি পোতে৷ ভূৱা আলফা সদস্যজন ৰেলৰ পৰা নমাৰ লগে লগে আৰক্ষীয়ে আটক কৰি ডিফু থানালৈ লৈ আনে৷

আটকাধীন ভূৱা আলফা জন শিৱসাগৰ জিলাৰ ৰতনপুৰিয়া গাঁৱৰ বিনোদ কোৱৰ ওৰফে অজিত গগৈ। ধৃত লোকজনৰ পৰা অাৰক্ষীয়ে ডিফুৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক তিমথি দাস হাঞ্চেৰ নামত দহ লাখ টকাৰ আলফাৰ এখন ধন দাবী পত্ৰ উদ্ধাৰ কৰাৰ লগতে কেইবাখনো আলফাৰ উকা পেড, বহু কেইটা ম'বাইল অাৰু কিছু অাপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিছে৷

অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷