01
Mar
2019
কৃষি পৰিদৰ্শক সুশীল কুমাৰ শৰ্ম্মাৰ বিদায় সভা

নলবাৰীঃ নলবাৰী জিলা কৃষি বিভাগৰ কৃষি পৰিদৰ্শক সুশীল কুমাৰ শৰ্ম্মাই বৃহস্পতিবাৰে চাকৰিৰ পৰা আনুষ্ঠানিক ভাৱে বিদায় গ্ৰহন কৰে ।
সুদীৰ্ঘ ৩৮ বছৰে নলবাৰী কৃষি বিভাগতে সৎ আৰু নিষ্ঠাৰে কৰ্মৰত সুশীল কুমাৰ শৰ্ম্মাৰ কৃষি বিভাগৰ কাৰ্যালয়তে এখন বিদায় সভাও অনুষ্ঠিত হয় ।জিলা কৃষি বিষয়া প্ৰনৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সভাখন আঁত ধৰে জেষ্ঠ সহায়ক মইনুল হকে ।
বিদায় সভাত সহঃ সঞ্চালক হেমন্ত কলিতা,মহকুমা কৃষি বিষয়া যোগেশ্বৰ ৰাজ মেধি,উদ্যান শস্য বিষয়া জীতেন চহৰীয়াৰ লগতে কৃষি বিভাগৰ ভালে কেইজন বিষয়া কৰ্মচাৰী উপস্হিত থাকে ।
উক্ত বিদায় সভাতে বিদায়ী ব্যাক্তি সুশীল শৰ্ম্মাক কাৰ্যালয়ৰ ফলৰ পৰা শৰাই,ফুলাম গামোচা,কীৰ্তন ঘোষাৰে সম্বৰ্ধনা জ্ঞাপন কৰে লগতে সুশীল শৰ্ম্মাৰ কৰ্মৰাজীৰ বিষয়ে সকলোৱে শলাগ লয় ।