Image for Representation
Image for Representation

মোৰাঝাৰঃ আপুনি কৃষক হয়নে? কৃষক বুলি আপোনাৰ প্ৰমাণ পত্ৰ আছে নে নাই? যদি নাই আপুনি সাৱধান৷ আপুনি উৎপাদন কৰা ধান বিক্ৰী কৰিব নোৱাৰিব৷ কিয়নো প্ৰমাণ পত্ৰ নাথাকিলে এফ চি আইয়ে ক্ৰয় নকৰে আপোনাৰ ধান৷

দিনৰ দিনটো পিঠি পোৰা ৰ'দত কপালৰ ঘাম মাটিত পেলাই খেতি কৰে দৰিদ্ৰ কৃষকে৷ তাৰ মাজতে কেতিয়াবা বান, কেতিয়াবা খৰাং আৰু কেতিয়াবা পোকে খেতিয়কৰ সপোন নষ্ট কৰে৷ কষ্টৰে কৰা খেতিৰ উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া কৃষকসকলক প্ৰয়োজন হৈছে কৃষকৰ প্ৰমাণ পত্ৰ৷

হোজাই জিলাৰ কৃষকৰ পৰা খাদ্য নিগমে বিচাৰিছে প্ৰমাণ পত্ৰ৷ জিলাখনৰ শতকৰা ৭০-৮০ শতাংশ লোকেই কৃষিজীৱি। কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিজৰ পৰিয়াল পোহপাল দিয়ে জিলাখনৰ লোকসকলে। বছৰেকত আকৌ ঠায়ে ঠায়ে বানে প্ৰচুৰ ক্ষতি কৰে কৃষকক।

ইয়াৰ মাজতে হোজাই জিলাৰ কৃষকক এইবাৰ বৰো ধান বিক্ৰীৰ বাবে প্ৰয়োজন হৈছে প্ৰমাণ পত্ৰৰ ৷ এফ চি আইয়ে বিচাৰিছে এই প্ৰমাণ পত্ৰ ৷

হোজাইৰ বিভিন্ন প্ৰান্তৰ কৃষক তথা নিৱনুৱাই বৰো ধানৰ খেতি কৰি উপকৃত হৈছিল৷ কিন্তু এইবাৰ বৰো ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ নথকা কৃষকৰ ধান এফ চি আইয়ে ক্ৰয় নকৰাৰ সিদ্ধান্ত লয়৷ যাৰ বাবে এতিয়া প্ৰমাণ পত্ৰ বিচাৰি হাবাথুৰি খাবলগীয়াত পৰিছে অঞ্চলটোৰ কৃষকসকল।

ইফালে হোজাই জিলা কৃষি বিভাগে কৃষকক প্ৰমাণ পত্ৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷  এনে পৰিপ্ৰেক্ষিতত কৃষক ৰাইজৰ স্বাৰ্থত হোজাই জিলা কৃষি বিভাগৰ কাৰ্যালয়ক এই প্ৰমাণ পত্ৰ প্ৰতিজন কৃষককে দিবলৈ দাবী জনাইছে অঞ্চলটোৰ সচেতন নাগৰিকে৷