মঙলদৈঃ বানপানীত ক্ষতিগ্ৰস্ত হোৱা কৃষক হিতাধিকাৰীসকলৰ ক্ষতিপুৰণ হিচাবে লাভ কৰিব লগা বীজ বিতৰনৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন উঠিছে মঙলদৈ কৃষি বিভাগৰ কাৰ্য্যালয়ৰ বিৰুদ্ধে।

মঙলদৈ সমষ্টিৰ অন্তৰ্গত মোল্লাপাৰা¸ কনাইচুৱা গাঁৱত বানপানীৰ ফলত নষ্ট হোৱা কঠিয়াৰ ক্ষতিপুৰণ হিচাপে কৃষি বিভাগৰ ফালৰ পৰা ক্ষতিগ্ৰস্ত হোৱা কৃষকক ধানৰ বীজ হিচাবে প্ৰতিগৰাকীৰ বাবে ধাৰ্য ১২.৫ কি.গ্ৰা. কৈ ধান দিয়াৰ বিপৰীতে ৫ কি.গ্ৰা.কৈ দিয়াৰ ফলত পৰিস্থিতি উত্তাল হৈ পৰে।

আনহাতে হিতাধিকাৰীৰ মাজত বীজ বিতৰণ কৰে যদিও কিমান পৰিমাণৰ বীজ বিলোৱা হয় কোনো লিপিবদ্ধ নকৰা বুলি একাংশ লোকে জানিব দিছে। 

গাওঁবুঢ়া আৰু গ্ৰামসেৱকে নিজ খেয়াল খুচি মতে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ বাৱে প্ৰকৃতহিতাধিকাৰী বঞ্চিত হৈ অহা বুলিওঁ জানিব দিছে ক-কৃষকে।