
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ডালোৱাবাৰীৰ আমগুৰিত খাদ্যত বিষক্ৰিয়া হৈ পিতা-পুত্ৰৰ মৃত্যু হোৱা ঘটনাাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। খাদ্যত বিষক্ৰিয়া হৈ কৰুণ মৃত্যুক সাৱটি লোৱা পিতা পুত্ৰ হ'ল ক্ৰমে শ্যামল সৰকাৰ (৫০) আৰু তাপস সৰকাৰ(২৭)।
ইয়াৰোপৰি শ্যামল সৰকাৰৰ পত্নী তথা তাপস সৰকাৰৰ মাতৃ সুমিত্ৰা সৰকাৰ(৪২) বিষক্ৰিয়াত গুৰুতৰভাৱে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
♦ দুৰ্ঘটনাত আহত ৬ ৰোৱনী
উল্লেখ্যে যে কালি পুৱা ৮:৩০মান বজাত পৰিয়ালটোৰ পিতৃ-মাতৃ আৰু পুত্ৰই দৈ-চিৰা খোৱাৰ পিছতে অসুস্থ হৈ পৰে আৰু ক্ৰমান্বয়ে স্বাস্থ্যৰ অধিক অৱনতি ঘটে। তেনেদৰে কিছুসময়ৰ পিছতে শ্যামল সৰকাৰ মৃত্যুমুখত পৰে।
আনহাতে বাচন-বৰ্তনৰ দোকানত কাম কৰা তাপস সৰকাৰে দৈ চিৰা খোৱাৰ পিছতে কৰ্মথলীলৈ ওলাই যোৱাৰ পিছত গা বেয়া লগাত ঘৰলৈ ঘূৰি অহাৰ সময়তে প্ৰায় ঘৰৰ সন্মুখতে ঢলি পৰি মৃত্যুমুখত পৰে। শ্যামলৰ পত্নী তথা তাপসৰ মাতৃও গুৰুতৰভাৱে অসুস্থ হৈ পৰাত স্থানীয় জনতাই কোকৰাঝাৰস্থিত এখন ব্যাক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।
ইপিনে পৰিয়ালৰ আন এক সদস্য তথা তাপসৰ ভাতৃ নয়ন সৰকাৰ(২২) সৌভাগ্যক্ৰমে দৈ-চিৰা খোৱাৰ সময়ত ঘৰত নথকাত তেওঁ ৰক্ষা পৰে । স্থানীয় ৰাইজে দৈৰ পৰাই বিষক্ৰিয়া হোৱা বুলি অনুমান কৰিছে।
আনহাতে আজি এখন যাত্ৰীবাহী টাটা মেজিক গাড়ী (নং এএচ ১৬:৫৩৮৯) দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ছয় গৰাকী ৰোৱনী আহত হয়।
নজিৰতপুৰৰ পৰা দেৱৰগাঁওলৈ ৰোৱনী কঢ়িয়াই অনা গাড়ীখনে বালাগাঁৱৰ চেইণ্ট আনছ কলেজৰ কাষত দুৰ্ঘটনাত পতিত হোৱাত নজিৰতপুৰৰ প্ৰমীলা সৰেন, লাখী হেমব্ৰম, লিল টুডু, মুখী সৰেন, জবামণি সৰেন আৰু সুকুৰমনি চৰেন আহত হৈছে। আহতসকলক চিকৎসালয়ত ভৰ্তি কৰোৱা হৈছে।