
newsnextone.com | গুৱাহাটীঃ সঁচাকৈ মই এজন কাৰ্বি লৰা হিচাপে বহুত বহুত লজ্জিত হৈছো৷ কেইজনামৰ হিংস্ৰ, অসভ্য, নৰপিশাচবোৰৰ কাৰণে গোটেই কাৰ্বি জাতিটোকে বদনাম কৰিলে৷ আশা কৰো প্ৰশাসনে দোষীক উপযুক্ত শাস্তি বিহিব৷ এয়া আছিল কাৰ্বি পাহাৰৰ সচেতন যুৱক নীল ৰংহাঙৰ ফেচবুকৰ মন্তব্য৷
শুকুৰবাৰে নিশাৰ ভাগত কাৰ্বি আংলঙৰ পাঞ্জুৰী গাঁৱত একাংশ স্থানীয় লোকৰ হাতত নিহত হয় গুৱাহাটীৰ বাসিন্দা নিলোৎপল দাস আৰু অভিজিত নাথ৷ এই ঘটনাই অসমীয়াৰ নিৰ্মমতাৰ পৰিচয় দিছে বুলি বিভিন্নজনে ছচিয়েল মিডিয়াত ক্ষোভ উজৰা পৰিলক্ষিত হৈছে৷ এটা জনগোষ্ঠীক টাৰ্গেট কৰি মন্তব্য কৰা পৰিলক্ষিত হৈছে ছচিয়েল মিডিয়াত৷ তাৰ পিছতে ফেচবুকত এইটো আপডেট দিয়ে নীল ৰংহাঙে।
যোৱা কিছুদিন ধৰি অসমৰ ছচিয়েল মিডিয়াত সোপাধৰাৰ সন্দৰ্ভত ব্যাপক প্ৰচাৰ হৈ অহাৰ সময়তে শুকুৰবাৰে নিশা জিঘাংসাৰ বলি হয় গুৱাহাটী মহানগৰীৰ দুই যুৱক৷ সন্ধিয়া প্ৰায় ৬ বজাত কাৰ্বি পাহাৰৰ ডকমকাৰ কাণ্ঠিলাংৰ পাঞ্জুৰীত উপস্থিত হৈছিল দুই যুৱক৷ তাৰ পিছতে একাংশ লোকে ঘৰৰ পৰা ওলাই আহে৷ ক্ৰমান্বয়ে বহু মানুহৰ সমাগম ঘটে৷ একাংশ লোকে প্ৰথমে সোপাধৰা বুলি কয় দুই যুৱকক৷
তাৰ পিছতে মাৰধৰ কৰিবলৈ আৰম্ভ কৰে কেইজনামন উদণ্ড যুৱকে৷ প্ৰয়া দুই ঘণ্টা সময় মৰিয়াই মৰিয়াই হত্যা কৰা হয় ২ যুৱকক৷ একাংশ লোকে সোপাধৰা বুলি সন্দেহ কৰে দুই যুৱকক হত্যা কৰাৰ খবৰৰ প্ৰচাৰ হোৱাৰ পিছতে ছচিয়েল মিডিয়াত বিভিন্ন মন্তব্য প্ৰকাশ কৰা দেখা গৈছে৷
জানিব পাৰ মতে, নিশা কাৰ্বি আংলং জিলাৰ ডকমকাৰ কাণ্ঠিলাংছোৰ জলপ্ৰপাত উপভোগ কৰিবলৈ গৈছিল গুৱাহাটী মহানগৰীৰ দুই যুৱক৷ গণ প্ৰহাৰৰ বলি হোৱা দুই যুৱকে নিজকে অসমীয়া বুলি পৰিচয় দি মৰণ কাতৰ আহ্বান জনাই থকাৰ পিছতো মাৰিবলৈ এৰা নাছিল৷ মই অসমীয়া হয়৷ মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মা-ৰ নাম ৰাধিকা দাস বুলি চিঞৰি থকাৰ পিছতো একাংশ লোকে বৰ্বৰ ভাবে আক্ৰমণ কৰি গৈছিল দুয়ো যুৱকক।
কিন্তু চাবলৈ গলে দেখা যায় যে, বিশ্বৰ আগশাৰীৰ দেশৰ সৈতে ফেৰ মাৰিবলৈ চৰকাৰে নানান আঁচনি ৰূপায়ন কৰি আহিছে৷ দেশৰ সকলো ব্যৱস্থা ডিজিটেল কৰিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু চৰকাৰৰ ডিজিটেল ব্যৱস্থাৰ সৈতে মানুহে ফেৰ মাৰিব খোজা নাই৷ আজিও মানুহে অন্ধবিশ্বাস, কৌটিকলীয়া পৰম্পৰাকে সাৰোগত কৰি জীয়াই থাকিব খুজিছে৷
দেশত নিতৌ সংঘটিত ঘটনা প্ৰবাহে এনে আঁচনি সমূহক যেন ইতিকিঙহে কৰে৷ চৰকাৰে দেশৰ জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে চেষ্টা কৰাৰ বিপৰীতে একাংশ লোকৰ কৰ্মকাণ্ডই দেশ খনক পিছলৈহে নিয়াৰ দৰে হৈছে৷ মুঠৰ ওপৰত মানুহৰ মন মগজু সলনি হোৱা নাই৷ মানুহৰ মন-মগজু ডিজিটেল হ’বলৈ যেন বহু বাকী আছে৷
মানবতাক লজ্জানত কৰি একমাত্ৰ কুসংস্কাৰ, অন্ধবিশ্বাসৰ পৰিণতিতে ৰাজ্যত সংঘটিত হয় ডাইনী কাণ্ড৷ ৰাজ্যত বাৰে বাৰে হত্যাৰ বলি হয় এমা-ডিমা সন্তানৰ মাতৃ, কৃষক, শ্ৰমিক, চাহ বাগানত কাম কৰা লোক৷ সভ্য সমাজক কলংকিত কৰি ডাইনী কাণ্ড সংঘটিত হয় এই খন অসমত৷ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ নেতাই বোল ছবিত অভিনয় কৰি ডাইনী কাণ্ডৰ বিৰুদ্ধে সমাজক মেচেজ দিয়াৰ পিছতো পুনৰ ডাইনী কাণ্ড সংঘটিত হৈ আহিছে ৰাজ্যত৷
একৈশ শতিকাত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ আমুল উত্তৰণৰ সময়তে এচাম অন্ধবিশ্বাসী লোকে ডাইনী সন্দেহত তাণ্ডৱ চলাই, সোপাধৰা বুলি মানুহক হত্যা কৰে৷ অসমৰ চাৰ অঞ্চলত আজিও ৰোগীয়া লোকক চিকিৎসকৰ ওচৰলৈ নিয়াৰ পৰিৱৰ্তে কবিৰাজৰ ওচৰলৈ নিয়ে৷ জৰা-ফুকা কৰা পানী খাবলৈ দিয়া হয়৷ ভূতে ধৰাৰ আশংকা কৰি ৰোগীক মাৰ ধৰ কৰা হয়৷ এনে ব্যৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু বহুযুগ লাগিব একাংশ লোকক৷
ৰাজ্যৰ প্ৰশাসনে অন্ধবিশ্বাস নিৰ্মূলৰ চেষ্টা চলাই আহিছে৷ কেৱল কাৰ্বি আংলঙতে নহয় সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কুসংস্কাৰ, অন্ধসংস্কাৰৰ বলি হয় মানুহ৷ ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ পাহাৰীয়া এলেকা, চাহ বাগিচা এলেকা, চৰ এলেকাত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰভাৱ অতিমাত্ৰা বৃদ্ধি হৈছে৷
এনে অঞ্চলসমূহৰ মানুহক সচেতন কৰিবলৈ শিক্ষাৰ পোহৰ বিলাব লাগিব৷ যিটো অঞ্চলত এই কাণ্ড সংঘটিত হয় সেই এলেকাৰ সকলো লোকক দোষী হিচাপে চোৱাৰ মনোবৃত্তি এৰিব লাগিব৷ এজন মানুহে দোষ কৰিলে সেই মানুহজনে প্ৰতিনিধিত্ব কৰা সমগ্ৰ জনগোষ্ঠীটোকে দোষী কৰিব খোজাৰ মনোবৃত্তি এৰিব লাগিব৷ অসমৰ পাহাৰত বসবাস কৰা সহজ-সৰল লোকসকল স্বাধীনতাৰ পিছৰে পৰা সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পৰা নাই৷ প্ৰতৃততে পোৱা নাই উপয়ুক্ত সুবিধা৷
কোনো নেতাই তেওঁলোকক সভ্য হ’বলৈ সুবিধা নিদি কেৱল পাহাৰত আৱদ্ধ কৰি ৰাখিব খোজে৷ এয়া হৈছে ভোটৰ ৰাজনীতি৷ যেনেদৰে চৰৰ মানুহক একাংশ লোকে লুটিপুটি খাইছে তেনেদৰে পাহাৰ আৰু চাহ বাগিচা এলেকাৰ লোকক কেইজনমান নেতাই লুটিপুটি খাইছে৷ এই এলেকা সমূহক উন্নত চিকিৎসালয়. শিক্ষানুষ্ঠান, যাতায়াতৰ বাবে ৰাস্তা-ঘাটৰ সুবিধা নিদি বহিঃ জগতৰ সৈতে যোগাযোগ বন্ধ কৰি ৰাখে৷ যাৰ বাবে এনে এলেকাৰ লোকে সোপাধৰা, ডাইনী, ভূত-প্ৰেতক বিশ্বাস কৰিব লগা হয়৷
কাৰ্বি আংলঙে নহয় এনে অন্ধ বিশ্বাস আতৰ কৰিবৰ বাবে আৰু এনে কাণ্ডবোৰ যে জঘন্য অপৰাধ, তেনে কৰাটো যে ভুল তাৰ পাঠ পঢ়াব লাগিব৷ পুনৰবাৰ এনে কাণ্ড নঘটিবৰ বাবে সমগ্ৰ সমাজে একত্ৰিত হৈ থিয় দিব লাগিব৷ এনে অঞ্চলক চৰকাৰে চিনাক্ত কৰি সজাগ কৰাৰ বাবে চিন্তা-চৰ্চা কৰিব লাগিব৷ কিন্তু এনে ঘটনা সংঘটিত হোৱা ঠাইৰ সকলো লোকক নতুবা ঠাই টুকুৰাক দোষীলে হিতে বিপৰীতহে হ’ব৷ চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰক যাতে পুনৰাই এনে কাণ্ড সংঘটিত নহয়৷
একাংশ লোকে ছচিয়েল মিডিয়াত কৰা মন্তব্যই অসম খনক জ্বলাব৷ জনগোষ্ঠীসমূহৰ মাজত বিভেদৰ সৃষ্টি হ’ব৷ মাথো এখন গাঁৱৰ বাবে আপুনি মই সমগ্ৰ কাৰ্বি আংলং জিলা খনক অপমান বা দোষী সাব্যস্ত কৰিব নোৱাৰিব৷ এখন গাঁৱৰ অন্ধবিশ্বাসী লোকে কৰা বৰ্বৰতাৰ বাবে কাৰ্বি জনগোষ্ঠী দায়ী নহয়৷ কাৰ্বিৰ বিৰুদ্ধে বিদ্ধেষৰ বীজাণু এৰাৰ পৰিৱৰ্তে পুনৰাই এনে ঘটনা নঘটক তাৰ ব্যৱস্থা কৰি দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ জনগোষ্ঠীৰ বিৰুদ্ধে বিদ্বেষৰ ভাৱ ছটিয়ালে সাম্প্ৰদায়িক সংহতি বিনষ্ট হ’ব৷