ডিজিটেল ৰিপ'ৰ্টঃ অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়‌ন, ক্ৰীড়া-যুৱকল্যাণ আৰু সাংস্কৃতিক মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ বিশেষ উদ্যোগত আৰু সামাজিক স্বেচ্ছাসেৱী সংগঠন "ৰাইজ"ৰ সহযোগত গৃহ সমষ্টি ঢকুৱাখনাত আয়োজন কৰা হয় বিশেষ অভিনন্দন অনুষ্ঠান।

এই অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্বৰে উৰ্ত্তীণ সমষ্টিটোৰ সৰ্বমুঠ ১০৪৫ গৰা‌কী মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

নিজ হাতেৰে সাংস্কৃতিক মন্ত্ৰী দলেয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলক উষ্ম সম্বৰ্ধনা জানায়। মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে এক অন্তৰংগ আলাপত অনুষ্ঠানতো ভাগ লয়। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে।