internet
internet

ধিংঃ ইফালে শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থত ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়ে বিদ্যালয়ে অনুষ্ঠিত কৰিছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ আনফালে বিদ্যালয়ৰ নাম তালিকাত পদবীৰ অদল বদলৰ বাবে শিক্ষক আৰু প্ৰধান শিক্ষকৰ মাজত সৃষ্টি হৈছে সংঘাতৰ৷ এনে ঘটনা সংঘটিত হৈছে ধিং পাব্লিক হাইস্কুলত৷

বিদ্যালয়খনত শিক্ষক-কৰ্মচাৰীৰ ফটোৰ তালিকাত একাংশ শিক্ষকৰ মৰ্যাদা হানি কৰাৰ অভিযোগ তুলি আজি গুণোৎসৱৰ সময়তে ক্ষুব্ধ হৈ পৰে বিদ্যালয়খনৰ একাংশ শিক্ষক৷

জানিব পৰা মতে বিদ্যালয়খনৰ নাম তালিকাত একাংশ শিক্ষকক ৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মতাৰীৰ তলত স্থান দিয়া বুলি প্ৰধান শিক্ষকৰ বিৰুদ্ধে জাঙুৰ খাই উঠে শিক্ষকসকল৷ ফলত ক্ষুব্ধ শিক্ষকসকলে প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷

আনহাতে গুনোৎসৱৰ মাজতেই বিদ্যালয় খনত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ বাবে চিন্তিত হৈ পৰিছে ধিঙৰ শৈক্ষিক মহল। একাংশ শিক্ষকৰ মৰ্যাদা হানি কৰা প্ৰধান শিক্ষক নুৰুল হকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ দাবী জনাইছে সচেতন মহলে৷