
বিহালীঃ বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰীত বেংকৰ শাখাৰ ভিতৰতে বেংক বিষয়াই একাংশ লোকক ৰ্দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছৰে পৰা চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত৷ এলাহাবাদ বেংকৰ বাঘমাৰী শাখাৰ সহ পৰিছালক সমৰজ্যোতি সোণোৱালৰ বিৰুদ্ধে একাংশ গ্ৰাহকে ৰ্দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি জিনজিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
জানিব পৰা মতে, শনিবাৰে বিয়লি প্ৰায় তিনি বজাত বেংকৰ শাখাটোৰ ভিতৰত একাংশ গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে৷ কেৱল ৰ্দুব্যৱহাৰ কৰাৰ লগতে নিজৰ মোবাইলত ফটো তুলি ভয় দেখুৱাৰ অভিযোগ উত্থাপন হয় বেংক বিষয়া সোণোৱালৰ বিৰুদ্ধে।
শনিবাৰে একাংশ লোকক ৰ্দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত একাংশ লোকে ঘটনা সন্দৰ্ভত সোধপোছ কৰিব যোৱাত সাংবাদিকৰ সন্মুখতে বেংকৰ শাখাটোৰ ভিতৰত পৰিচালক সোণোৱালে তীব্ৰ বাকযুদ্ধত লিপ্ত হোৱাৰ লগতে খং উঠিলেই বেংকৰ আছ-বাব ভাঙি পেলাও বুলি উল্লেখ কৰা বুলি অভিোগ উত্থাপন হয়৷
শনিবাৰৰ ৰ্দুব্যৱহাৰ কৰা লোকসকলক দালাল আখ্যা দিয়ে বিষয়াগৰাকীয়ে৷ পুৱাৰ পৰা গধুলিলৈকে বেংকৰ সন্মুখত দালালি কৰি বেংক গ্ৰাহকক ব্যতিব্যস্ত কৰা কেইগৰাকীমান লোকক হে আঁতৰি যাবলৈ কোৱা বুলি প্ৰকাশ কৰে বিষয়াগৰাকীয়ে। তাৰ মাজতে একাংশ লোকে বেংক বিষয়াগৰাকীৰ বিৰুদ্ধে একাংশ লোকে গোচৰ ৰুজু কৰে৷