গোৱালপাৰাঃ আমচাং অভয়াৰণ্যৰ পৰা থলুৱাক অমানবীয় ভাবে উচ্ছেদ কৰাৰ লগতে কুছুদিন পূৰ্বে মঙলদৈৰ ফুহুৰাতলিত প্ৰশাসনে উচ্ছেদ অভিযান চলাই৷ 

তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এ আই ইউ ডি এফৰ এটা দলে ফুহুৰাতলিত উচ্ছেদিত লোকৰ খবৰ লবলৈ যোৱাৰ সময়তে শ্বেখ শ্বাহ আলম নামৰ এ আই ইউ ডি এফৰ নেতাগৰাকীয়ে এখন ৰাজহুৱা সভাত সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায়৷ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যত৷

একাংশ লোকে শ্বাহ আলমক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়৷ গোৱালপাৰা পশ্চিম বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলমৰ সাম্প্রদায়িক মন্তব্যৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা সমিতিয়ে গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল কৰেষসংগঠনটোৱে শ্বেখ শ্বাহ আলমক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়৷