
চামগুৰি/বঢ়মপুৰঃ খণ্ড উন্নয়ণ বিষয়াৰ বিৰুদ্ধে তৰা গোচাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই প্ৰত্যাহাৰ কৰিব লগা হয় এগৰাকী শ্ৰমিকে৷ ইমানে নহয় গোচৰ তৰাৰ পিছত একাংশ সন্দেহজনক লোকে গোচৰ তৰা লোকজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছিল৷ অৱশেষত ভূল ধাৰণাৰ বশৱৰ্তী হৈ গোচৰ তৰা বুলি কৈ গোচৰ উঠাই লয় লোকেজনে৷ চামগুৰি আৰক্ষী থানাত বাজিয়াগাও উন্নয়ন খণ্ডৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল ৰফিকুল ইছলাম নামৰ লোক এজনে৷
অৱশেষত আপোচ মীমাংসা কৰি সমস্যা সমধান কৰাত মান্তি হৈ শুকুৰবাৰে গোচৰ প্ৰত্যাহাৰ কৰে ৰফিকুলে৷ জানিব পৰা মতে, যোৱা ৫ নৱেম্বৰত ৰফিকুল ইছলাম নামৰ লোকজনে বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত কনোৱামাৰী গাঁও পঞ্চায়তৰ এম জি এনৰেগা আঁচনিৰ অধীনত কনোৱামাৰী বিলৰ কাম-কাজ নকৰা তথা বৈধ, অবৈধ জৱকাৰ্ডৰে চৰকাৰী ধন হৰলুকি কৰাৰ অভিোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল চামগুৰি আৰক্ষী থানাত।
এজাহাৰৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৫৮৫/২০১৭ ইউ/এচ-১২০(বি)/৪২০/৪০৬/৪০৯ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে যদিও ৰফিকুল ইছলামে গোচৰ উঠাই লয়। এই ঘটনাৰ সন্দৰ্ভত বাজিয়াগাও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাই সামাজিক মান মৰ্যাদা নষ্ট হোৱাৰ অভিোগ উত্থাপন কৰিছিল৷ বিভিন্ন মাধ্যমত এই খবৰ প্ৰচাৰ হোৱাত মানসিকভাৱে ভাঙি পৰিছিল আৰু বিষয়াগৰাকীয়ে মানহানি গোচৰ তৰাৰ সিদ্ধান্ত লৈছিল যদিও গোচৰীয়াই স্ব-ইচ্ছাই গোচৰ উঠাই লোৱাত উভয়পক্ষই চৰ্ত সাপেক্ষে মীমাংসা নামা সম্পাদন কৰে বুলি জানিব পৰা গৈছে৷