08
Aug
2017

বাঘবৰঃ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলোচী পাথাৰ গাঁৱত আজি অগ্নিকাণ্ড সংঘটিত হৈ কুলচন খাতুন নমাৰ মহিলাগৰাকীৰ বাসগৃহ, নগদ ধনসহ সহ বহু মূল্যবান নথি পত্ৰ জুইত জাহ যায়৷
ৰান্ধনি ঘৰৰ চৌকাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অতি কষ্টৰে দিন হাজিৰা কৰি কুলচন খাতুনে সজোৱা ঘৰটো জুইত জাহ যোৱাত মহিলাগৰাকীয়ে দুখত ভাগি পৰে।
পথৰ অৱস্থা বেয়া বাবে আহিব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনী গাড়ী৷ যাৰ ফলত নিমিষতে পৰিয়ালটোৰ গৃহটো জুইত জাহ যায়৷